ETV Bharat / state

ৰমজান মাহত ঘৰতেই নামাজ পঢ়কঃ বদৰুদ্দিন আজমল

author img

By

Published : Apr 19, 2020, 4:31 PM IST

সকলো ৰাইজক ঘৰৰ ভিতৰতে থাকি লক ডাউন মানি চলিবলৈ আহ্বান অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলৰ ৷ মছজিদৰ বিপৰীতে ঘৰত থাকিয়েই ৰমজানৰ নামাজ তথা দোৱা কৰিবলৈ আহ্বান সাংসদ গৰাকীৰ ৷

ETV BHARAT
ৰমজান মাহত ঘৰতেই নামাজ পঢ়কঃ বদৰুদ্দিন আজমল

গুৱাহাটী, 19 এপ্ৰিলঃ আগন্তুক ৰমজান মাহত সকলো ইচলাম ধৰ্মাৱলম্বী লোকক মচজিদত সমূহীয়া তাৰাবি নামাজ পঢ়াৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতে থাকি পঢ়িবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফ তথা অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলে ৷

অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে কয় যে,আগন্তুক ৰমজান মাহ হৈছে আমাৰ ইছলাম ধৰ্মাৱলম্বী সকলৰ এটি পবিত্ৰ মাহ ৷ এই মাহত আমি ৩০ দিন ৰোজা ৰাখি তাৰাবিৰ নামাজ পঢ়াৰ লগতে শান্তিৰ বাবে দোৱা কৰা হয় ৷ কিন্তু বৰ্তমান কৰ'ণা ভাইৰাছৰ বাবে মচজিদৰ পৰিৱৰ্তে ঘৰতেই নামাজ পঢ়িবলৈ সকলোকে আহ্বান জনাই সাংসদ বদৰুদ্দিন আজমলে ৷ কৰ'ণা মহামাৰী যাতে নোহোৱা হয় তাৰ বাবে পবিত্ৰ ৰমজান মাহত সমগ্ৰ পৃথিবীৰ মানুহৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ৷ লগতে অসমৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিনে নিশাই ৰাইজৰ বাবে যি কষ্ট কৰিছে তাৰ বাবে শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰে আজমলে ৷

লগতে পঢ়ক- কোকৰাঝাৰত দুই শতাধিক মটৰ চাইকেল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.