গুৱাহাটী , ১০ জানুৱাৰীঃ ৰসৰাজৰ এক বিশাল প্ৰতিমূৰ্তি কলকাতাৰ অসম ভৱনত সাজু হৈ উঠিছে । ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাজি উলিয়াইছে এই প্ৰতিমূৰ্তিটো ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়াই ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে, এতিয়াও উক্ত প্ৰতিমূৰ্তিটো উন্মোচনৰ দিন ধাৰ্য কৰা হোৱা নাই যদিও খুব সোণকালেই ইয়াক মুকলি কৰা হ'ব । ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ তত্বাৱধানত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে । মন কৰিবলগীয়া যে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কলকাতাৰ বাসগৃহটো ইতিমধ্যে পশ্চিমবংগ চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।
কলকাতাৰ অসম ভৱনত প্ৰাণ পাব ৰসৰাজে - কলকাতাৰ অসম ভৱনত প্ৰাণ পাব ৰসৰাজে
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাজি উলিয়াইছে এই প্ৰতিমূৰ্তিটো ৷