কলকাতা,16 ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্ৰশাসন তথা গড়কাপ্তানী বিভাগৰ সহযোগত কলকাতাৰ ৰাছেল ষ্ট্ৰীটস্থিত অসম ভৱনত উন্মোচন কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি ৷
প্ৰতিমূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰতিমূৰ্তি উন্মোচন উপলক্ষে কলকাতাস্থিত পুৰণা অসম ভৱনত আয়োজন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ বিষয়ববীয়া,বেজবৰুৱাৰ নাতিনী ইৰা ঘোষ,নাতি জোঁৱাই বাবলু চৌধুৰী আৰু কলকাতাস্থিত অসমীয়া সমাজৰ একাংশ লোক ৷
লগতে চাওকঃক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী ৰঙিয়াৰ ৰূপম বৈশ্য