ETV Bharat / state

States Corporations of Assam: দুবছৰীয়া কাৰ্যকালত চৰকাৰৰ সুদৃষ্টি নপৰিল ৰাজ্যৰ নিগম নিকায়সমূহত - Assam govt completed 2 years

লোকচানত চলি থকা বহুকেইটা নিগম-নিকায়ক বৰ্তমানৰ চৰকাৰখনে উজ্জীৱিত কৰিব নোৱাৰিলে । নিগম-নিকায় সমূহত ৰাজনৈতিকভাৱে অধ্যক্ষ-উপাধ্যক্ষ নিযুক্তি দিয়াৰ বাহিৰে একাংশ নিগম-নিকায়ৰ উৎপাদনমুখী কাম-কাজ সংকুচিত হৈয়েই ৰ'ল । ১৬ মাহে দৰমহা নাই আৰ্টফেডৰ কৰ্মচাৰীৰ । বিভিন্ন নিগম-নিকায়ত নপৰিল চৰকাৰৰ 'সাফল্য'ৰ পোহৰ (Negligence of govt)।

Assam govt completed 2 years
চৰকাৰৰ সুদৃষ্টি নপৰিল ৰাজ্যৰ নিগম-নিকায়সমূহত
author img

By

Published : May 11, 2023, 11:06 PM IST

গুৱাহাটী, 11 মে’: দুটা বছৰ সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সফলতাৰ ব্যাপক ঢাক-ঢোল বজাই উদযাপন কৰিলে বৰ্ষপূৰ্তি ৷ দুবছৰীয়া কাৰ্যকালত চৰকাৰখনে এশ শতাংশই সফল হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৃতিত্ব ল'লে ৷ কিন্তু প্ৰকৃতাৰ্থত চৰকাৰখন কিমান সফল ? বিগত দুটা বছৰত চৰকাৰখনে বিভিন্ন দিশত সফলতাৰ জয়গান গালেও কিন্তু বহু দিশত বিফলতাৰ ছবিখনহে স্পষ্ট ৰূপত প্ৰকাশ পাইছে (Assam govt completed 2 years) ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ দৰে চৰকাৰৰ অধীনত আছে বহুকেইটা নিগম-নিকায় ৷ এই নিগম-নিকায় সমূহো উন্নয়নমূলক কাম-কাজৰ সৈতে জড়িত ৷ কিন্তু ৰাজ্য চৰকাৰৰ অধীনস্থ নিগম-নিকায়সমূহ বিশেষভাৱে উন্নয়নমূলক কাম-কাজত সফল হ'ব পৰা নাই ৷ লক্ষণীয় বিষয় যে, চৰকাৰখনৰ বিগত দুবছৰীয়া কাৰ্যকালত বহুকেইটা নিগম-নিকায়ত সুদৃষ্টি নপৰিল চৰকাৰৰ ৷ লোকচানত চলি থকা বহুকেইটা নিগম-নিকায়ক বৰ্তমানৰ চৰকাৰখনেও উজ্জীৱিত কৰিব নোৱাৰিলে ৷ নিগম-নিকায় সমূহত ৰাজনৈতিকভাৱে অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি দিয়াৰ বাহিৰে একাংশ নিগম-নিকায়ৰ উৎপাদনমুখী কাম-কাজ সংকুচিত হৈয়েই ৰ'ল (States Corporations of Assam) ৷

আৰ্টফেড, বেচা-কিনা নিগম, অসম চাহ নিগম, অসম ৰাজ্যিক পৰিবহণ নিগম, অসম কৃষি সামগ্ৰী বিপণন পৰিষদ, ফিছফেড, অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড আদিত বিগত দুটা বছৰত বিশেষ কোনো পৰিৱৰ্তন দেখা পোৱা নগ’ল ৷ আয়ৰ উৎস সংকুচিত হৈ পৰাত একাংশ নিগম-নিকায়ৰ বিষয়া-কৰ্মচাৰীয়ে মাহৰ পাছত মাহ ধৰি দৰমহা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ বিগত 16 মাহ ধৰি দৰমহা বন্ধ হৈ আছে আৰ্টফেডৰ কৰ্মচাৰীৰ ৷ আর্টফেডত নিযুক্ত প্ৰায় 148 গৰাকী কৰ্মচাৰীৰ ভবিষ্যৎ অনিশ্চিত হৈ পৰিছে ৷ আৰ্টফেডৰ উৎপাদন কেন্দ্ৰকেইটাও ইতিমধ্যে বন্ধ হৈ পৰিছে ৷

ইফালে অভিযোগ অনুসৰি আৰ্টফেডৰ পৰিচালন সঞ্চালক গৰাকী বিগত 14 মাহ ধৰি কাৰ্যালয়লৈকে যোৱা নাই ৷ হস্ততাঁত বিভাগৰ সঞ্চালকৰ দায়িত্বতো থকা বিষয়া গৰাকীয়ে পাহৰিছে আৰ্টফেডৰ কথা ৷ আনহাতে, বছৰৰ পাছত বছৰ ধৰি লোকচানত চলি থকা অসম চাহ নিগমক শক্তিশালী কৰাৰ পৰিৱৰ্তে এই নিগমটোৰ অধিকসংখ্যক বাগিচাই 30 বছৰলৈ লীজত দিয়া হ'ল ৷ যাৰ ফলত এই নিগমটোৰ কৰ্মচাৰীসকলৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিছে (States Corporations are in a very bad condition) ৷

সেইদৰে অনিশ্চিত ভৱিষ্যতৰ বাবে এইখন চৰকাৰৰ কাৰ্যকালতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ শতাধিক কৰ্মচাৰীয়ে স্বেচ্ছাই অৱসৰ ল'বলৈ বাধ্য হ'ল ৷ নিগমটোৰ আন তিনিশ কৰ্মচাৰীয়েও স্বেচ্ছাই অৱসৰ বিচাৰি চৰকাৰৰ ওচৰত আৱেদন জনাইছে ৷ ইফালে লোকচানত থকা অসম কৃষি সামগ্ৰী বিপণন পৰিষদকো বিলোপ কৰাৰ বাবে চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু আইনী বাধাৰ বাবে বিলোপ কৰিব নোৱাৰি লোকচানতেই চলাই আছে বিপণন পৰিষদক (Himanta Biswa led Assam Govt completes 2 years) ৷

শেহতীয়াকৈ চৰকাৰে কৃষি সামগ্ৰী বিপণন পৰিষদক ৰাজসাহায্যৰ সাৰ যোগানৰ দায়িত্ব অর্পণ কৰিছে যদিও কৰ্মচাৰীৰ দৰমহা দিবলৈ প্ৰয়োজন হোৱাকৈ ৰাজহ সংগ্ৰহ কৰিব পৰা নাই ৷ অর্থাৎ পৰিষদৰ কৰ্মচাৰীৰ দৰমহা চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে ৷ চৰকাৰে পুঁজি দিলেহে পৰিষদৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰে ৷ একেই অবস্থা বেচা-কিনা নিগমৰ ৷ এই নিগমটোৰো আয়ৰ উৎস বৰ্তমানৰ চৰকাৰে বৃদ্ধি কৰিবলৈ সক্ষম নহ'ল ৷ যাৰ ফলত কৰ্মচাৰীসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ৷

ৰাজ্যখনত মাছৰ চাহিদা অনুযায়ী উৎপাদন নোহোৱাত প্ৰতিদিনে হাজাৰ হাজাৰ কুইণ্টল মাছ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয় ৷ যাৰ ফলত ৰাজ্যৰ জনতাৰ বুজন পৰিমাণৰ ধন বছৰত বাহিৰলৈ ওলাই যায় ৷ মাছ উৎপাদনত ৰাজ্যখনত স্বাৱলম্বী হ'ব পৰা বহু উৎস আছে ৷ কিন্তু সকলো ধৰণৰ সা-সুবিধা থকাৰ পাছতো লাভৰ মুখ দেখা নাই ফিছফেডে ৷ উল্লেখ্য যে, অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডক শক্তিশালী কৰাৰ বাবে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতেই তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ লৈছিল ৷ সকলো চৰকাৰী কৰ্মচাৰীক খাদী ব'ৰ্ডৰ উৎপাদিত পোছাক যোগান ধৰি বৰ্ডক অর্থনৈতিকভাৱে টনকিয়াল কৰাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল (Assam govt completed)

বৰ্ত্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুটা বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু খাদী ব'ৰ্ডত নপৰিল পৰিৱৰ্তনৰ প্ৰভাৱ ৷ ব'ৰ্ডৰ কৰ্মচাৰীয়ে দৰমহাৰ বাবে চৰকাৰৰ ওচৰত হাত পাতিব লাগে ৷ চৰকাৰে পুঁজিৰ আবণ্টন নিদিলে ব'ৰ্ডৰ কৰ্মচাৰীয়ে লাভ নকৰে দৰমহা ৷ এক কথাত ক'বলৈ গ'লে দুবছৰীয়া কাৰ্যকালত চৰকাৰখনৰ পৰিৱৰ্তনৰ প্ৰভাৱ নপৰিল নিগম-নিকায় সমূহত ৷

লগতে পঢ়ক: 2 years: দুটা বছৰ সম্পূৰ্ণ কৰা নিজৰ চৰকাৰখনক মুখ্যমন্ত্রীয়ে কিমান নম্বৰ দিলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.