গুৱাহাটী,29 এপ্ৰিলঃ লক্ ডাউনৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে অন্যান্য চিকিৎসালয়ত তেজৰ কিছু নাটনিৰ সৃষ্টি হৈছে ৷ চিকিৎসালয়খনৰ এই নাটনি দূৰ কৰিবলৈ অখিল ভাৰতীয় তেৰাপান্থ যুৱ পৰিষদে ফাঁচী বজাৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷ শিবিৰটো মুকলি কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ সংগঠনটোৰ এই পদক্ষেপে ৰোগীসকলক বহু পৰিমাণে সকাহ দিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।
আনহাতে, অসমত কৰ’ণা ভাইৰাছৰ লক্ষণসমূহ পূৰ্বতকৈ কিছু সলনি হোৱাৰ সন্দেহ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে বহিঃৰাজ্যত থকা অসমৰ Covid 19 ত আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিলে বিভিন্ন অসুবিধা থকাৰ কথা প্ৰকাশ কৰে ৷ অসমৰ ৰোগী বহিঃৰাজ্যত সন্মুখীন হোৱা অৱহেলাৰ সম্পৰ্কত চৰকাৰে প্ৰমাণ নোপোৱাকৈ একো মন্তব্য প্ৰকাশ কৰিব নোৱাৰে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ অসম চৰকাৰে Covid 19 ত আক্ৰান্ত ৰোগী সম্পৰ্কত সচেতন বুলি জানিবলৈ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷
লগতে চাওকঃ মাস্ক পৰিধান কৰিলেহে পেট্ৰল পাব গাড়ী চালকে