ETV Bharat / state

Deepor Bil conservation plan: আজিও ফাইলতে আৱদ্ধ দীপৰ বিলক সংৰক্ষণ তথা উন্নয়নৰ বিস্তৃত প্ৰকল্প

author img

By

Published : May 18, 2023, 10:16 AM IST

গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম আকৰ্ষণ দীপৰ বিলৰ সংৰক্ষণ কৰাৰ বাবে নাই কোনো মাষ্টাৰ প্লেন, অসাৰ হৈয়ে ৰ’ল মুখ্যমন্ত্ৰীৰ ঘোষণা (development and preservation of Deepor bil) ৷

deepor beel
দীপৰ বিল

গুৱাহাটী, 18 মে’ : ৰামচাৰ (ramsar site) স্থান হিচাপে স্বীকৃত তথা গুৱাহাটীৰ বৃক্ক স্বৰূপ দীপৰ বিলক সংৰক্ষণ তথা উন্নয়ন কৰাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে (deepor bil) । ২০১২ চনতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দীপৰ বিলক সংৰক্ষণ তথা উন্নয়ন কৰাৰ বাবে এখন বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল । কিন্তু এই বিস্তৃত প্ৰকল্প প্ৰতিবেদন মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ফাইলতে আৱদ্ধ হৈ থাকিল (development and preservation of deepor bil) ।

Dipor bil
দীপৰ বিল

পৰৱৰ্তী সময়ত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ আৰু বন তথা পৰিৱেশ বিভাগে দীপৰ বিলক সংৰক্ষণ তথা উন্নয়ন কৰাৰ বাবে নিৰ্দিষ্ট এক্সন প্লেন প্ৰস্তুত কৰিছিল । সেয়াও আজিলৈকে কাৰ্যকৰী নহ'ল । উল্লেখ্য যে ইতিমধ্যে ২০১৭ চনতে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এক অধ্যয়নত দীপৰ বিল প্ৰদূষিত হোৱাৰ উদ্বেকজন তথ্য প্ৰকাশ কৰা হৈছিল । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই ক্ষেত্ৰত চৰকাৰক দীপৰ বিলক প্ৰদূষণ মুক্ত কৰাৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল ।‌ কিন্তু সেই পৰামৰ্শবোৰ কাৰ্যকৰী নহ'ল ।

উল্লেখযোগ্য যে ২০১৭ চনতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী স্মাৰ্ট চিটি অভিযানৰ অধীনত দীপৰ বিলৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ২৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছিল । এই আঁচনিত আছিল ছিউৱেজ ট্ৰিটমেন্ট প্লেন্ট (এছটিপি) স্থাপনৰ জৰিয়তে দীপৰ বিলৰ পানীৰ গুণাগুণ উন্নত কৰা, সঠিক জলাশয় এলেকা নিৰ্ধাৰণৰ জৰিয়তে বিলটোৰ অঞ্চলত প্ৰাকৃতিক জৈৱ বৈচিত্ৰৰ সংৰক্ষণ কৰা, বিলটোৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাৰ ব্যৱস্থাপনাৰ লগতে ৰামচাৰ দিশত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা আদি ।

Dipor bil
দীপৰ বিল

স্মাৰ্ট চিটিৰ প্ৰস্তাৱ অনুসৰি নগৰ উন্নয়ন মন্ত্ৰালয়ক দাখিল কৰা নথিপত্ৰৰ পিচত মন্ত্ৰালয়ে দীপৰ বিল আঁচনিৰ বাবে ২৫০ কোটি টকা অনুমোদন দিছিল । কিন্তু পৰিতাপৰ কথা যে এই আঁচনিখন চৰকাৰী ফাইলতে বছৰ বছৰ ধৰি আৱদ্ধ হৈ আছে । উল্লেখ্য যে যোৱা ২০২২ চনৰ ১২ মাৰ্চত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দীপৰ বিল পৰিভ্ৰমণ কৰিছিল । লগতে দীপৰ বিলৰ পাৰত এখন সভাতো উপস্থিত হৈছিল । সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে এখন মাষ্টাৰ প্লেন যুগুত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে গুৱাহাটী আই আই টিক দায়িত্ব দিয়াৰ বাবে সভাত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিল । ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তিনিমাহৰ অন্তৰে অন্তৰে নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও এই সভাতে উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

দীপৰ বিল (Deepor Beel wildlife Sanctuary) ৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সহযোগত এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব বুলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল । দীপৰ বিলৰ সংৰক্ষণ আৰু দীপৰ বিলৰ Elephant corridor নিৰ্মাণ কৰাৰ সন্দৰ্ভত অনুষ্ঠিত এই সভাত উপস্থিত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক মুখ্যমন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰাত সহায় কৰাৰ বাবে অনুৰোধ কৰিছিল । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সহায় কৰিলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সন্মিলিতভাবে দীপৰ বিলৰ উন্নতি সাধন কৰিব পাৰিব বুলি উল্লেখ কৰিছিল । কিন্তু আজিলৈকে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে কোনো মাষ্টাৰ প্লেন যুগুত কৰা হোৱা নাই ।

Dipor bil
দীপৰ বিল

বন আৰু পৰিৱেশ বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা‌ মতে এতিয়ালৈকে চৰকাৰে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে কোনো মাষ্টাৰ প্লেন প্ৰস্তুত কৰা নাই । এনেদৰে দীপৰ বিলৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে চৰম দায়িত্বহীনতা আৰু অৱহেলাৰ পৰিচয় হে দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Parag Kumar Das journalism award: বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.