ETV Bharat / state

ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন - সাহিত্যাচার্য অতুলচন্দ্ৰ হাজৰিকা বঁটা

বিশিষ্ট সংগীত শিল্পী ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীলৈ ২০২২ বৰ্ষৰ শিল্পী বঁটা (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) । শিল্পী দিৱসৰ অনুষ্ঠানত প্ৰদান কৰা হ'ব শিল্পী বঁটা আৰু শিল্পী পেঞ্চন। ১৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান। ১৮ গৰাকী মৃত শিল্পীৰ পত্নীলৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য।

state-governments-artist-pension-to-fifty-artist-of-assam
ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন
author img

By

Published : Jan 16, 2022, 7:11 PM IST

গুৱাহাটী, ১৬ জানুৱাৰী : ৰাজ্যৰ কলা-সংস্কৃতিৰ ক্ষেত্রখনত আগবঢ়োৱা জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন (State Government's artist pension) । সেইদৰে ১৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান । আনহাতে এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰসিদ্ধ শিল্পী অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীলৈ (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) ।

দেওবাৰে, জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই(Assam cultural minister Bimal Bora) । সোমবাৰে বিয়লি ৪ বজাত গুৱাহাটীৰ কলাক্ষেত্রত আয়োজন কৰা শিল্পী দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিল্পীসকলক বঁটা আৰু সন্মান প্ৰদান কৰা হ'ব । সংবাদমেলত মন্ত্রী বৰাই কয় যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কেন্দ্রীয়ভাৱে আয়ােজন কৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পীদ্বয় ক্রমে ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক ২০২২ বৰ্ষৰ শিল্পী বঁটাৰে সন্মানিত কৰা হ'ব ।

ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন

আনহাতে, উক্ত অনুষ্ঠানতে অসম চৰকাৰে বিগত বছৰত ইতিমধ্যে ঘােষণা কৰি থােৱা অথচ ক'ভিড পৰিস্থিতিৰ বাবে প্ৰদান কৰিব নােৱাৰা ২০২১ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা, সাহিত্যাচার্য অতুলচন্দ্ৰ হাজৰিকা বঁটা, নটসূর্য ফণী শৰ্মা বঁটা আৰু বিষ্ণু ৰাভা বঁটাও (Bishnu Rabha award of Assam government) প্রদান কৰা হ'ব ।

বিশিষ্ট সাহিত্যিক-গৱেষক ড° উপেন ৰাভা হাকাচামক বীৰ ৰাঘৱ মৰাণ বঁটা, বিশিষ্ট নাট্যশিল্পী উপকূল বৰদলৈক সাহিত্যাচার্য অতুলচন্দ্ৰ হাজৰিকা বঁটা, বিশিষ্ট নাট্যশিল্পী অবিনাশ শর্মাক নটসূর্য ফণী শৰ্মা বঁটা, বিশিষ্ট চিত্রশিল্পী সােণাৰাম নাথ আৰু বিশিষ্ট লােকশিল্পী দ্রোণ ভূঞাক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হ'ব। প্ৰতিটো বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্রশস্তি পত্র আৰু এখনি অংগ বস্ত্র ।

এই অনুষ্ঠানতে ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন সমূহাে প্ৰদান কৰা হ'ব। এই শিল্পী পেঞ্চনত আছে মাহে ৮ হাজাৰকৈ টকা। আনহাতে, ২০২১-২২ বৰ্ষত ১৫০ গৰাকী বিশিষ্ট শিল্পীক বার্ষিক শিল্পী সন্মান ৫০ হাজাৰকৈ টকা আৰু ১৮ গৰাকী মৃত শিল্পীৰ পত্নীক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্রদান কৰা হৈছে । উল্লেখ্য যে, পূর্বে শিল্পী পেঞ্চন ১৫ আগষ্টত প্ৰদান কৰা হৈছিল যদিও এই বছৰৰ পৰা শিল্পী দিৱসৰ দিনা শিল্পী পেঞ্চন প্রদানৰ সিদ্ধান্ত লােৱা হৈছে বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.