ETV Bharat / state

Assam Cabinet decision: ৰাজ্যিক কৰ্মচাৰীৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি; ৪ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব সৌৰশক্তি প্ৰকল্প - Solar plant to set up in Assam

শুকুৰবাৰৰ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় কেতবোৰ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত কৰ্মচাৰীৰ মৰগীয়া বানচৰ হাৰ ৩৮ শতাংশৰ পৰা ৪২ শতাংশলৈ বৃদ্ধিৰ অনুমোদন কেবিনেটৰ ৷ ৪০০০কোটি টকা ব্যয় সাপেক্ষে সৌৰশক্তি উৎপাদন প্ৰকল্প স্থাপনৰো অনুমোদন কেবিনেটৰ (Solar plant to set up in Assam) ৷

Assam Cabinet decision
ৰাজ্যিক কৰ্মচাৰীৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি
author img

By

Published : Mar 31, 2023, 10:37 PM IST

গুৱাহাটী, ৩১ মাৰ্চ: দিশপুৰৰ জনতা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকতে লোৱা হয় এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ তাৰ ভিতৰত কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰা আৰম্ভ কৰি ১০০০ মেগাৱাটৰ সৌৰ শক্তি উৎপাদন কেন্দ্ৰ স্থাপন, গ্ৰাম্য আঁচনিৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুঠ ২০৩১.১৪ কোটি টকাৰ অনুমোদন আদিৰ লগতে ভূমি আৱণ্টন আদি বিষয়ত কেবিনেটে লয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

বৈঠকৰ পাচতে কেবিনেটৰ গুৰুত্বপূৰ্ণ দিশসমূহ সংবাদমেলত সদৰী কৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই ৷ ৰাজ্যৰ কৰ্মচাৰীৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি (Dearness allowance of employees) ৷ কৰ্মচাৰীৰ মৰগীয়া বানচৰ হাৰ ৩৮ শতাংশৰ পৰা ৪২ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ ৷ ১ জানুৱাৰী ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব এই মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৷ ইয়াৰ বাবে অতিৰিক্ত ৮০ কোটি টকা ব্যয় হ’ব ৰাজ্য চৰকাৰৰ (DA hike for govt employee) ৷

তিনিমাহৰ বকেয়া ডিএ-সহ মাৰ্চৰ দৰমহা ১০ এপ্ৰিলৰ ভিতৰত কৰ্মচাৰীয়ে লাভ কৰিব ৷ ইয়াৰ লগে লগে দেশৰ জানুৱাৰীৰ পৰা ৪ শতাংশ বৰ্ধিত ডিএ দিয়া প্ৰথমখন ৰাজ্যত পৰিণত হ’ব অসম ৷ মুখ্যমন্ত্ৰীৰ সৌৰশক্তি প্ৰকল্প আঁচনিৰ অধীনত ৪০০০ কোটি টকা ব্যয়ৰে কাৰ্বি আংলং জিলাত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন প্ৰকল্প স্থাপন কৰাত অনুমোদন ৰাজ্যিক কেবিনেটৰ (Solar plant in Karbi Anglong) ।

এছিয়ান বিকাশ বেংকৰ পৰা লোৱা ৩২০০ কোটি টকা আৰু অসম চৰকাৰৰ ৮০০ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প ৷ ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত কাৰ্যক্ষম কৰাৰ লক্ষ্য এই প্ৰকল্পৰ ৷ সেউজ শক্তি আহৰণেৰে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ প্ৰতিৰোধত সহায়ক হ’ব ৷

গ্ৰাম্য আন্তঃগাথঁনি উন্নয়ন পুঁজি (আৰআইডিএফ)-২৬ শিতানত ১১০ টা পথ (এখন দলঙসহ) উন্নীতকৰণ আঁচনি, মথাউৰি পকীপথলৈ উন্নীতকৰণৰ ৫৮ খন আঁচনি, বান প্ৰতিৰোধৰ ৩৮ খন আঁচনি আৰু মীন পালনৰ ২৩খন আঁচনি ৰূপায়ণৰ বাবে মুঠ ২০৩১.১৪ কোটি টকাৰ অনুমোদন কেবিনেটৰ ৷

লগতে মিছন বসুন্ধৰা ১ আৰু ২ৰ অতিৰিক্তভাৱে ৰাজ্যৰ বিভিন্ন মহকুমা ভূমি উপদেষ্টা সমিতিৰ দ্বাৰা ৰাজ্যৰ মুঠ ৭৬০টা পৰিয়াললৈ অনুমোদিত ভূমি আৱণ্টনৰ পুৰণি প্ৰস্তাৱত কেবিনেটে কাৰ্যকৰী কৰিবলৈ অনুমোদন দিছে ৷ এই অনুমোদন মৰ্মে যি চনত ভূমি আৱণ্টন প্ৰস্তাৱৰ অনুমোদন হৈছিল সেই চনৰ নিৰিখতে প্ৰিমিয়াম লৈ চৰকাৰে এই পৰিয়ালসমূহক ভূমিৰ বন্দোৱস্তি প্ৰদান কৰিব ৷ ইয়াৰ ভিতৰত ১৯৯৩ চনতে আৱণ্টিত পুৰণি প্ৰস্তাৱো আছে ৷

লগতে পঢ়ক: NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.