গুৱাহাটী,11 মাৰ্চঃ ক্ৰমাৎ চমু চাপি আহিছে বিটিচিৰ নিৰ্বাচনৰ দিন ৷ অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। বুধবাৰে খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ আলোক কুমাৰে। সংবাদমেলত কয় যে,'অহা ৪ এপ্ৰিলৰ অনুষ্ঠিত হ'ব লগা বিটিচিৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিম সময় ১৮মাৰ্চ আৰু মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন ২১মাৰ্চ।
- ৪ এপ্ৰিলত মুঠ ৪০ টা সমষ্টিত অনুষ্ঠিত কৰা হ'ব ভোটদান প্ৰক্ৰিয়া
- পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া
- ৬ এপ্ৰিলত থাকি যোৱা সমষ্টি সমূহৰ বাবে অনুষ্ঠিত হ'ব ভোটদান ৪০টা সমষ্টিৰ নিৰ্বাচনৰ বাবে ৮ এপ্ৰিলত ভোটগণনা
আনহাতে ৪০টা সমষ্টিৰ নিৰ্বাচনৰ বাবে ৮ এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হব। ইয়াৰ বাবে দুজন ৰিটেনডিং অফিচাৰ নিয়োগ কৰা হৈছে। উল্লেখ্য যে বিটিচিৰ মুঠ ভোটাৰৰ সংখ্যা ২৩৮৬৩৫৯। য'ত ১২০৯৪৬৮ লাখ পুৰুষ ভোটাৰ আৰু ১১৭৬৮৮৭লাখ মহিলা ভোটাৰ আছে ।৪ এপ্ৰিলত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা
ইয়াৰ ওপৰিও ৫২১ টা স্পৰ্শকাতৰ ভোট গণনা কেন্দ্ৰৰ বাবে সুকীয়াকৈ নিৰাপত্তা ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে। তেওঁ কয় যে, এইবাৰ নিৰ্বাচনত অবৈধ অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহ আৰু অপৰাধ জনিত ঘটনা দূৰ কৰিবলৈ বিশেষ ব্যৱস্থা লোৱা হৈছে । ইয়াৰ বাবে ১০ জনীয়া এটা উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ দলো নিয়োগ কৰা হ'ব বুলি জনাই নিৰ্বাচন আয়োগৰ অধ্যক্ষ আলোক কুমাৰে ৷
লগতে চাওকঃ