ETV Bharat / state

Assam civic body election: পৌৰ নিৰ্বাচনৰ ৰণডংকা বজালে শাসকীয় দল বিজেপিয়ে

author img

By

Published : Dec 11, 2021, 8:46 PM IST

গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৰাজ্যিক বিজেপিৰ বিশেষ সাংগঠনিক সভা (State BJP's organizational meeting at ITA Guwahati)। পৌৰ নিৰ্বাচনৰ লগতে দলৰ সাংগঠনিক দিশৰ উপৰিও আভ্যন্তৰীণ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা । স্বামীৰ বাইকৰ পিছত বহি কাম কৰা মহিলাক পৌৰ সভাৰ নিৰ্বাচনত নালাগে বুলি ক'লে মুখ্যমন্ত্রীয়ে । মিত্ৰজোঁটৰ চৰকাৰত য'ত পৰা যায় তাতে মিত্ৰতা কৰিব লাগে । বিজেপি সদায় বিগ ব্ৰাদাৰ হৈ থাকিব ।

Assam civic body election
পৌৰ নিৰ্বাচনৰ ৰণডংকা বজালে শাসকীয় দল বিজেপিয়ে

গুৱাহাটী,১১ ডিচেম্বৰ : ৰাজ্যত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনৰ (Assam civic body election in 2022) বাবে যুদ্ধংদেহি মনোভাৱেৰে সাজু হৈছে শাসকীয় দল বিজেপি । শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৰাজ্যিক বিজেপিৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় (State BJP's organizational meeting at ITA Guwahati)। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সাংগঠনিক সভাত পৌৰ নিৰ্বাচনৰ লগতে দলৰ সাংগঠনিক দিশৰ উপৰিও আভ্যন্তৰীণ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিতৰ্কৰ বাবে সহযোগ নিধিৰ বাবে বেংক একাউন্ট খোলা নাই । কোনো কাৰণতে চান্দা তোলা নহ'ব বুলি সকলোকে সকিয়াই দি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সহযোগ নিধিৰ পুঁজিয়ে দলক সহায় কৰিব যদিও কাৰো পৰা চান্দা লোৱা নহ'ব । ৫০ টকাৰ পৰা দুই হাজাৰ টকাৰ কুপন চপাই দলীয় কাৰ্যকৰ্তাৰ পৰা ধন সংগ্ৰহ কৰা হ'ব । মহিলাৰ বাবে কৰা সংৰক্ষণৰ ব্যৱস্থা প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে মহিলা আৰু পুৰুষ যাৰ বাবে যিটো সমষ্টি সংৰক্ষণ কৰা হ'ব, সেই সমষ্টিতো ১০ বছৰৰ বাবে তেনেদৰে থাকিব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে পৌৰ নিগমৰ নিৰ্বাচনত সমষ্টি সলনি নহয় । আনহাতে স্বামীৰ হস্তক্ষেপ থকা মহিলাক টিকট দিব নালাগে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বামীৰ বাইকৰ পিছত বহি কাম কৰা মহিলাক পৌৰ সভাৰ নিৰ্বাচনত নালাগে । পৌৰ সভাৰ নিৰ্বাচনত টিকট দিয়া সময়ত এই সমূহ দিশত চকু দিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয় ।

অগপৰ (AGP) সৈতে মিত্ৰতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জিলা পৰ্য্যায়ত অগপৰে সহযোগ কৰা উচিত । অগপৰে মিত্রত‍া কৰি চৰকাৰ খন ভালে চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মিত্ৰজোঁটৰ চৰকাৰত য'ত সম্ভৱ তাতে মিত্ৰতা কৰিব লাগে । যিমান পাৰি মিলি খেলিব লাগে । বিজেপি (BJP) সদায় বিগ ব্ৰাদাৰ হৈ থাকিব বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে মিত্রতা সন্দৰ্ভত জিলা ক'ৰ কমিটীয়ে সিদ্ধান্ত ল'ব বুলি কয় ।

আনহাতে ডেউৰী আৰু থেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰেই হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে নিৰ্বাচনৰ বাবে সকলোকে সাজু হোৱাৰ আহ্বান জনায় । ইফালে ৰাজ্যিক সভাপতি ভবেশ কলিতাই আগন্তুক দিনবোৰত দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰি তুলিবলৈ দলৰ নীতি-নিয়ম অনুসৰণ কৰি নিজৰ প্রতি থকা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি ৰাইজৰ লগতে দলৰ হৈ সেৱা আগবঢ়াই যাবলৈ কাৰ্যকর্তা সকলৰ প্ৰতি আহ্বান জনায় । সাংগঠনিক সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে মন্ত্ৰী-বিধায়ক, সাংসদসকল, ৰাজ্যিক বিষয়-ববীয়াসকল, মৰ্চাৰ বিষয়-ববীয়া,জিলা সভাপতিসকল আৰু দলীয় কাৰ্যকর্তা সকল উপস্থিত আছিল ।

লগতে পঢ়ক :Assam Municipal election 2022: পৌৰ নিৰ্বাচনত অকলশৰীয়া অগপৰ অস্তিত্বৰ সংকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.