গুৱাহাটী, 7 আগষ্ট: ৰাজ্যজুৰি মাৰ যোৱা নাই আহোম বিতৰ্কৰ দাবানল ৷ এইবাৰ আহোম বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু বিধায়ক সুশান্ত বৰগোঁহাইয়ে ৷ শনিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত (State BJP office) এক সংবাদেমল আয়োজন কৰে বিজেপিয়ে (State BJP press meet on Ahom controversy)৷
বিজেপি নেতাদ্বয়ে সংবাদমেলত কয় যে বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই ৷ কোনো দুষ্টচক্ৰই ভিডিঅ' ক্লিপত আহোম বিৰোধী শব্দ ব্যৱহাৰ কৰি বিজেপিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে ৷ বিজেপিয়ে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীকে শ্ৰদ্ধা তথা সন্মান জনায় ৷ তেনেস্থলত সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ নেত্ৰীয়ে আহোম জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰিছে বুলি যি প্ৰচাৰ চলিছে সেয়া সম্পূৰ্ণৰূপে ভুৱা আৰু এয়া কোনো দুষ্টচক্ৰৰ সমাজ অস্থিৰ কৰা কু-পৰিকল্পনা ।
সংবাদমেলত মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে 29 জুলাইত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সম্পৰ্কে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে বিজেপিয়ে দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰেই অংশস্বৰূপে গুৱাহাটীতো দলে এই কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ দেশজোৰা প্ৰতিবাদৰ ফলশ্ৰুতিত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লিখিত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৷ কিন্তু গুৱাহাটীত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ ভিডিঅ'টোত কোনো দুষ্টচক্ৰই এক আহোম বিৰোধী শব্দ ব্যৱহাৰেৰে প্ৰচাৰ কৰি বিতৰ্ক সৃষ্টিৰ প্ৰয়াস কৰিছে ৷
ইতিমধ্যে এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদকদ্বয়ে সামাজিক মাধ্যমত সম্প্ৰচাৰ হোৱা ভিডিঅ'টো নস্যাৎ কৰি দলৰ স্থিতি স্পষ্ট কৰাৰ লগতে দুস্কৃতিকাৰীক কৰায়ত্ত কৰিবৰ বাবে এজাহাৰ দাখিল কৰিছে । কিন্তু ইয়াৰ পাছতো দুদিন পূৰ্বে এই বিষয়টোক লৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতাই বিজেপিক লৈ বিশেষকৈ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা সম্পৰ্কত কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে মুখপাত্ৰ কোঁৱৰে ।
টাই আহোম ছাত্ৰ সন্থাৰ দৰে ৰাজ্যৰ আগশাৰীৰ সংগঠন এটাৰ এয়া সামূহিক বক্তব্য হ’বই নোৱাৰে বুলি কৈ মুখপাত্ৰ কোঁৱৰে আটাছুৰ নেতাজনক তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৷ যিটো সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যদা প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়ত এনে বক্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি তেওঁ কয় ৷ সুশান্ত বৰগোঁহাইয়ে এই ঘটনাৰ দায়ী সকলক শীঘ্ৰেই আৰক্ষী প্ৰশাসনে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায় ৷
লগতে পঢ়ক: FIR against Angurlata Deka: আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ আটাছুৰ