ETV Bharat / state

ST status to six communities: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ কমিটী সম্পৰ্কে জ্ঞাত নহয় কেন্দ্ৰ

author img

By

Published : Jul 25, 2023, 7:19 PM IST

লোকসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্ন । ২০১৯ চনৰ ১৪ জানুৱাৰীত অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ কমিটীখন সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কেন্দ্ৰৰ । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত সংগ্ৰহ কৰিব তথ্য । সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

ST status to six communities
ST status to six communities

গুৱাহাটী, ২৫ জুলাই: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰি আহিছে । এই অভিযোগ পুনৰ সত্য ৰূপে প্ৰমাণিত হ'ল সংসদত । লক্ষণীয় বিষয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ কমিটী সন্দৰ্ভত কোনো কথা নাজানে কেন্দ্ৰীয় চৰকাৰে । এই কথা লোকসভাত খোদ প্ৰকাশ কৰিছে জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে ।

উল্লেখ্য যে সোমবাৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিছিল । ইয়াৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে জনাই যে অসম চৰকাৰে মটক, মৰাণ, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰবাবে কেন্দ্ৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিছিল । যিহেতু জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কিছু নিৰ্দিষ্ট নীতি-নিয়ম আছে সেয়েহে উক্ত নীতি-নিয়মসমূহৰ মতেহে কোনো জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় ।

ৰাজ্য চৰকাৰসমূহে দাখিল কৰা প্ৰস্তাৱ দেশৰ মহাপঞ্জীয়ক আৰু ৰাষ্ট্ৰীয় জনজাতি আয়োগে পৰীক্ষা কৰি যিসমূহ জনগোষ্ঠী জনজাতিৰ মৰ্যাদা পোৱাৰ যোগ্য তেওঁলোকহে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় । লক্ষণীয় বিষয় যে সদনত ২০১৯ চনৰ ১৪ জানুৱাৰীত অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ কমিটীখন সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত তথ্য সংগ্ৰহ কৰিব বুলি সদৰী কৰে । উল্লেখ্য যে বিগত লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এখন বিধেয়ক সংসদত উত্থাপন কৰিছিল । সেই সময়ৰ জনজাতি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাঙে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰি প্ৰকাশ কৰিছিল যে ছয় জনগোষ্ঠীৰজনজাতিকৰণৰ বাবে গঠিত মডেলিটি কমিটীয়ে বিগত বৰ্ষত নিজৰ প্ৰতিবেদন দাখিল কৰিছে ।

তেওঁলোকৰ প্ৰতিবেদনখনক আনকি জনজাতি আয়োগে (এছ টি কমিছন) অনুমোদন জনাইছে । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিয়েই নিজৰ দায়িত্ব সামৰিলে । লোকসভাত বিধেয়কখন গৃহীত কৰিব পৰাকৈ আসন থকাৰ পাচতো চৰকাৰখনে আশ্চর্যজনকভাৱে কিন্তু বিধেয়কখন নিম্ন সদনত উত্থাপন নকৰিলে ।

পৰৱৰ্তী সময়ত নিৰ্বাচনত বৃহৎ সংখ্যক আসন লাভ কৰি কেন্দ্ৰত পুনৰ চৰকাৰ গঠন কৰাৰ পাচতেই কেন্দ্ৰীয় চৰকাৰে উক্ত বিধেয়কখনৰ কথা পাহৰি গ'ল । যাৰ ফলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমগ্ৰ বিষয়টোৱেই এতিয়া অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰিছে । ইফালে এই সন্দৰ্ভত সদনত দিয়া উত্তৰক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

নিজৰ প্ৰতিক্ৰিয়াত তেওঁ ‘গালোঁ বালোঁ খোলাকটিৰ তাল’ বুলি উল্লেখ কৰি কয় যে যোৱা ৯ বছৰে বিজেপি দলে আৰু বিজেপি দলৰ চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অনবৰতে টোপ দি আহিছে যে এই জনগোষ্ঠী কেইটাক 'জনজাতীয়কৰণ' কৰা হ'বই হ'ব । সেই প্ৰতিশ্ৰুতিৰ বন্যা প্ৰথমতে ২০১৪ চনতে প্ৰধানমন্ত্ৰী হ’বলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মোডীয়ে অসমলৈ আহি নিজেই আৰম্ভ কৰি দিছিল ।

সৰ্বানন্দ সোণোৱালে আৰু এখোপ আগুৱাই বহুত কিবা কিবি কৈ দিলে । আনকি তেতিয়াৰ মুখ্যমন্ত্ৰী সোণোৱালে ভাৰত চৰকাৰক সৈমান কৰিবৰ বাবে ২০১৯ চনৰ জানুৱাৰী মাহত এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন কেবিনেট কমিটিও গঠন কৰি দিলে ।

লগতে অসম চৰকাৰৰ কেবিনেট কমিটিৰ ৰিপোৰ্ট পালেই ভাৰত চৰকাৰে এই ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰিব পাৰিব বুলি সোণোৱালে সদৰী কৰিছিল । এই সন্দৰ্ভত তেওঁ কয় যে তাৰ পিচত কিমান যে পানী বৈ গ'ল লুইতৰ বুকুয়েদি ।

ST status to six communities
২০২১ চনত সদনত সাংসদ বৰদলৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ
ST status to six communities
২০২৩ চনত সদনত সাংসদ বৰদলৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ

তেওঁ লগতে কয় যে লোকসভাৰ সাংসদ হৈ ২০২১ চনত তেওঁ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণৰ প্ৰসংগত সদনত প্ৰশ্ন উত্থাপন কৰিছিল । তেতিয়া কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ ২০১৯ চনৰ কেবিনেট কমিটিৰ ৰিপোৰ্ট নোপোৱাৰ কথা সদৰী কৰিছিল । তেওঁ কয় যে এতিয়া ২০২৩ চনত আকৌ প্ৰশ্ন কৰাত ৰিপোৰ্ট পোৱাই নাই, বিচাৰিহে আছোঁ বুলি উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰে । তেওঁ ইয়াক লৈ অতিকৈ আশ্চৰ্য্য প্ৰকাশ কৰে ।

লগতে পঢ়ক: APSC Scam : এ পি এছ চি কেলেংকাৰীৰ 2014 বৰ্ষৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.