গুৱাহাটী, 26 ডিচেম্বৰ: বৃহস্পতিবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় অভিনন্দন আঁচনিৰ সাহাৰ্য বিতৰণ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত 1500 ছাত্ৰ-ছাত্ৰীক শিক্ষা ঋণৰ ক্ষেত্ৰত 50 হাজাৰ টকাৰ ৰাজ সাহাৰ্য প্ৰদান কৰাৰ লগতে কাইলৈ বিয়লি 4 বজাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ একাউন্টত এই ধনৰাশি সোমাব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, অসমৰ মুঠ 5000 ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ঋণ লৈ পঢ়ি আছে ৷ গতিকে বাকী থকা 3500 ছাত্ৰ-ছাত্ৰীক অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷ এই শিক্ষা ঋণৰ বাবে বৰ্তমানলৈ আবেদন নকৰা শিক্ষাৰ্থী সকলক অহা 31 মাৰ্চৰ ভিতৰত আবেদন কৰিবলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷