গুৱাহাটী, 30 আগষ্ট: আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিভিন্ন নামঘৰ, সত্ৰ আদিত পালন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷ ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে জন্মাষ্টমী ৷ সেই অনুসৰি মহানগৰীৰ উলুবাৰীৰ ইস্কন মন্দিৰ প্ৰাংগণত সীমিত সংখ্যক ভক্তৰ উপস্থিতিত সম্পূৰ্ণ ক'ভিড নীতি নিয়ম মানি শ্ৰীকৃষ্ণৰ নাম কীৰ্তনৰ আয়োজন কৰা হয় ৷
আনহাতে হৰেকৃষ্ণ মুভমেন্টৰ উদ্যোগত আমিনগাঁৱত থকা হৰেকৃষ্ণ মন্দিৰ প্ৰাংগণত চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ চৰকাৰী ক'ভিড নীতি নিয়ম মানি 28 ৰ পৰা 31 আগষ্টলৈ পালন কৰা হৈছে এই কাৰ্যসূচী ৷ ক'ভিড প্ৰটকল মানি তথা সীমিত সংখ্যক ভক্তৰ উপস্থিতিত এই কাৰ্যসূচীভাগ পালন কৰা হৈছে বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে মহানগৰীৰ নামঘৰ সমূহতো অনুষ্টুপীয়াকৈ কৃষ্ণ জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে ৷
মহানগৰীৰ কেইবাটাও স্থানত বিশ্ব হিন্দু পৰিষদেও অনুষ্টুপীয়াকৈ পালন কৰিছে জন্মাষ্টমী ৷
ভাগৱতত উল্লেখ থকা অনুসৰি, ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিৰ দিনটোতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল ৷ হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানৱৰ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল ৷ জন্মাষ্টমী উপলক্ষে সোমবাৰে ক'ভিড নীতি মানি সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে ৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ চৌপাশ ৷
লগতে পঢ়কঃ বলুকা শিল্পৰে দেশবাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ