গুৱাহাটী,১৩ আগষ্ট : ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়ববীয়াৰ সৈতে শুকুৰবাৰে ক্ৰীড়া মন্ত্রী বিমল বৰাই গুৱাহাটীত এক পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকত মন্ত্রীগৰাকীয়ে অসমৰ ক্ৰীড়াক্ষেত্ৰক অধিক উজ্জীৱিত কৰাৰ লগতে ক্ৰীড়া সম্পৰ্কীয় গতিবিধি উন্নীত কৰাৰ সন্দৰ্ভত আলোচনা কৰে । ৰাজ্যৰ উদীয়মান আৰু প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়াৰ অনুকূল পৰিৱেশ গঢ় দিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনাই মন্ত্রী বিমল বৰাই ।
টকিঅ' অলিম্পিকত অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে লাভ কৰা সফলতাই ৰাজ্যৰ ক্ৰীড়াজগতলৈ সম্ভাৱনাময় ভৱিষ্যতৰ এক ৰেঙণি সঞ্চাৰিত কৰিছে । গতিকে নতুন ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰাৰ উদ্দেশ্যে বৈঠকত বিভাগৰ প্রতিজন বিষয়াক অতি কমেও দুখনকৈ জিলাৰ দায়িত্ব গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে মন্ত্রী বৰাই ।
লগতে পঢ়ক : সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা
দায়িত্ব প্ৰাপ্ত জিলাসমূহত ক্ৰীড়াৰ উপযুক্ত পৰিৱেশ গঢ় দিবলৈ বিষয়াসকলে প্ৰয়োজনীয় উদ্যোগ গ্ৰহণ কৰাৰ বাবে মন্ত্রীগৰাকীয়ে আহ্বান জনায় । মন্ত্রীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ চুকে-কোণে অসংখ্য যুৱ প্ৰতিভা লুপ্ত হৈ আছে । তেওঁলোকে নিজৰ বহুমুখী প্ৰতিভাক বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ আশাৰে বাট চাই আছে ।
গতিকে জিলাসমূহৰ দায়িত্বত থকা বিষয়াসকলে বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত প্ৰতিভাসমূহক চিনাক্ত কৰি উলিওৱাৰ লগতে তেওঁলোকৰ দক্ষতা বিকাশৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায় ।
লগতে পঢ়ক : তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক