গুৱাহাটী, ১৫ জুলাই: ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মানসিক-বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে । তাৰেই অংশ হিচাপে আজিৰে পৰা ৰাজ্যজুৰি শিক্ষাৰ্থীসকলৰ বাবে বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে । গৰম বন্ধৰ সময়খিনিৰ সদব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰীভাৱে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে । শনিবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই ।
দিছপুৰৰ চৰকাৰী আৱাসত সংবাদমেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে কয় যে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিৰ দুটাকৈ স্থানত ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ প্ৰয়াসেৰে গ্ৰীষ্মকালীন বন্ধৰ সময়খিনিৰ সদব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ।
লগতে পঢ়ক:Deprived of government scheme: বৰছলাৰ দৃষ্টিহীন দম্পতীক প্ৰয়োজন এটা চৰকাৰী আঁচনিৰ ঘৰ
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন সমূহৰ সহযোগত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলক বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন দহ দিনীয়া এই কৰ্মশালাৰ আয়োজন কৰা হৈছে । এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰী সকলক বিশেষজ্ঞৰ দ্বাৰা নাটক, তৰ্ক, কবিতা, সত্ৰীয়া নৃত্য, লোক আৰু পৰম্পৰাগত নৃত্য ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
তেওঁ কয় যে অসমৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, লোক পৰম্পৰা, ৰীতি-নীতি আদি নৱপ্ৰজন্মৰ মাজত নতুনকৈ চৰ্চা কৰাৰ এটা পৰিৱেশ দিয়াৰ বাবে এই গ্ৰীষ্মকালীন কৰ্মাশালাৰ মাধ্যমেৰে প্ৰয়াস কৰা হৈছে । প্ৰতিখন জিলাতে আয়োজন কৰা এই কৰ্মশালাৰ যোগেদি ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিৰ আদান-প্ৰদানৰ ক্ষেত্রতো গুৰুত্ব দিয়া হৈছে । তেওঁ কয় যে এই কৰ্মশালাৰ যোগেদি শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব । সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন আৰু সঞ্চালিকা মীনাক্ষি দাস নাথ উপস্থিত থাকে ।
লগতে পঢ়ক:Dengue and Japanese Encephalitis: বানৰ পাছত নলবাৰীত ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ আতংক