ETV Bharat / state

Trade Seminars in Guwahati: মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষ বাণিজ্যিক আলোচনা চক্ৰ - trade seminar at Maniram Dewan Trade Centre

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষ বাণিজ্যিক আলোচনা চক্ৰৰ আয়োজন (Maniram Dewan trade centre) ৷ ভাৰত, ভূটান আৰু বাংলাদেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় বিশেষ বাণিজ্যিক আলোচনা চক্ৰখন ৷ 2022 বৰ্ষৰ 23 ডিচেম্বৰৰ পৰা অনুষ্ঠিত ATPO International Winter Expo ৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় আলোচনা চক্ৰখন ৷

Trade seminars in Maniram Dewan trade centre
মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষ আলোচনা চক্ৰৰ আয়োজন
author img

By

Published : Jan 4, 2023, 9:00 AM IST

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষ আলোচনা চক্ৰৰ আয়োজন

গুৱাহাটী ৩ ডিচেম্বৰ: মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি আছে ATPO International Winter Expo 2022 । অহা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা বানিজ্য মেলাখনৰ লগত সংগতি ৰাখি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এখন বাণিজ্যিক আলোচনা চক্ৰৰো আয়োজন কৰা হয় (Maniram Dewan trade centre) ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই এক্সপ’ কাইলৈ অৰ্থাৎ ৫ জানুৱাৰী পৰ্যন্ত চলিব (Trade seminars in Betkuchi trade centre ) ৷

ট্ৰেড চেণ্টাৰত চলি থকা এই এক্সপ’ ৰ সৈতে সংগতি ৰাখি মংগলবাৰে অনুষ্ঠিত বানিজ্য সম্পৰ্কীয় বিশেষ আলোচনাচক্ৰখনত বাংলাদেশ আৰু ভূটানৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে দেশ দুখনৰ পৰা ৰপ্তানিৰ সম্ভাৱনা শীৰ্ষক বিষয় সন্দৰ্ভত আলোচনা কৰা হয় । বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত চৰকাৰৰ সংস্থা দ্য এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপ'ৰ্ট ডেভেলপমেণ্ট অথৰিটি ( এপেডা)ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই আলোচনা চক্ৰখনৰ ৷ বাণিজ্যিক আলোচনা চক্ৰখন উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাই (Minister Bimal Bora) ৷

অনুষ্ঠানটোত বাংলাদেশ আৰু ভূটানৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থাকে ৷ বাংলাদেশ আৰু ভূটানৰ পৰা ক্ৰমে ৰুহুল আমিন, ৰয়েল ভূটানিষ্ঠ কনছুলেট জেনেৰেল ফুৰ্পা চেৰিঙে বাণিজ্যিক মেলাখন পৰিদৰ্শন কৰাৰ লগতে আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰে ৷ অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ উপাধ্যক্ষ মধু ৰাম ডেকাৰ লগতে অন্যান্য বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰে বাণিজ্যিক আলোচনা চক্ৰখনত ।

আলোচনা চক্ৰখনত ৰপ্তানি পদ্ধতিৰ লগতে ৰপ্তানিৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়েও ব্যাখ্যা কৰা হয় ৷ আলোচনা চক্ৰখনত বিভিন্ন খণ্ডৰ প্ৰায় ৩০০ উদ্যোগীয়ে অংশগ্ৰহণ কৰে ৷ বাণিজ্যিক আলোচনা চক্ৰখনত আলোচনা কৰা হয় যে ভাৰত ,বাংলাদেশ আৰু ভূটানৰ মাজত দীঘলীয়া সীমা আছে আৰু দ্বিপাক্ষিক বাণিজ্যৰ বাবে বৃহৎ পৰিসৰ আছে ৷ এই ধৰণৰ আলোচনা চক্ৰই ৰপ্তানি পদ্ধতি, ৰপ্তানিৰ সম্ভাৱনা আৰু চৰকাৰৰ প্ৰৰোচনাৰ ওপৰত নবীকৃত জ্ঞান প্ৰদান কৰাত সহায় কৰিব ।

ভাৰত আৰু অসমৰ ৰপ্তানিৰ প্ৰসাৰৰ বাবে বহিঃৰাজ্যৰ বজাৰৰ নতুন ধাৰা আৰু পৰিৱৰ্তনৰ বিষয়ে আই আই এফ টি আৰু এপেডাৰ বিশেষজ্ঞসকলে গণনা কৰা পদ্ধতি বা আঁচনিৰ শেহতীয়া তথ্যসমূহ বাংলাদেশ আৰু ভূটানৰ বিশেষ উল্লেখ কৰি ভাৰতৰ বজাৰত কেনেদৰে উপস্থাপনৰ কৰিব সেই সম্পৰ্কতো আলোচনা কৰা হয় আলোচনা চক্ৰখনত ৷

লগতে পঢ়ক : Rajnath Singh on Agniveer: অগ্নিবীৰসকলক সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ-ব্যক্তিগত খণ্ডক আহ্বান ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.