গুৱাহাটী,২ আগষ্ট: সমাগত ৰাখীবন্ধন । ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন । যিটো দিনত বায়েকে অথবা ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধে আৰু সেই ৰাখীতেই প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ, ইজনৰ সিজনৰ প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ ৷
সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয় । ৰাখীবন্ধনৰ পূৰ্বেই বজাৰত ভৰি পৰে ভিন্ন ধৰণৰ ৰাখীৰে । নিজৰ মন পছন্দৰ ৰাখীডাল ক্ৰয় কৰি ককায়েক বা ভায়েকৰ হাতত বান্ধিবলৈ বজাৰত ভিৰ কৰেহি ভিন্নজনে । এইবাৰ ৰাখীবন্ধনৰ পূৰ্বে মাইৰাৰ উদ্যোগত আয়োজন কৰা হৈছে এখনি বিশেষ বাণিজ্য মেলাৰ ।
ভিন্ন ডিজাইনৰ ভিন্ন ধৰনৰ ৰাখীৰ সমাহাৰ মাইৰা বাণিজ্য মেলাত । থলুৱা ব্যৱসায়ীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে বিগত প্ৰায় ৪ বছৰ ধৰি মাইৰাৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে এই বাণিজ্যমেলাখনিৰ । উক্ত মেলাত উপলব্ধ হৈছে বিভিন্ন ফেশ্বন ডিজাইনৰ ভিন্ন ধৰণৰ কাপোৰ, আ-অলংকাৰ, থলুৱা আচাৰ তথা খাদ্যৰ লগতে ৰাখী ।
এইবাৰ মাইৰা বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছে প্ৰায় ৫০ খন বিপণীয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা আহিছে বিপণীসমূহ । বিশেষকৈ মহিলাসবলীকৰণৰ উদ্দেশ্যেৰে মাইৰাই অনুষ্ঠিত কৰি আহিছে এই মেলা । বছৰত তিনিবাৰ দীপাৱলী, হোলী আৰু ৰাখী বন্ধনৰ সময়চোৱাত প্ৰতি বছৰে তেওঁলোকে এনেদৰে অনুষ্ঠিত কৰে এই মেলা । মঙলবাৰে আঠগাঁওস্থিত হোটেল মিলেনিয়ামত অনুষ্ঠিত হয় এই বিশেষ বাণিজ্য মেলাখনি ।
এই মেলাখনৰ জৰিয়তে থলুৱা ব্যৱসায়ীসকল যথেষ্ট লাভান্বিত হয় বুলি জানিবলৈ দিয়ে মেলাখনৰ উদ্যোক্তাসকলে । ইফালে মেলাখনিত বৰ্তমান যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে । গ্ৰাহকসকলেও মেলাখনিলৈ আহি আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Second Sualkuchi of Assam: দ্বিতীয় শুৱালকুছি হিচাপে খ্যাত অসমৰে এখন গাঁও; ঘৰে ঘৰে আছে যুৱ শিপিনি