ETV Bharat / state

কলাক্ষেত্ৰত ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ 'আনু ৰোৱাড'ৰ বিশেষ প্ৰদৰ্শনী

author img

By

Published : Apr 10, 2022, 10:35 PM IST

দেওবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ 'আনু ৰোৱাড'ৰ বিশেষ প্ৰদৰ্শনী (Rajat Kamal Award winning film 'Anu Ruwad') ৷ ধৰ্মীয় গোৰামী, অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে প্ৰাসংগিক, অত্যন্ত স্পৰ্শকাতৰ বিষয়ত আধাৰিত ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰজত কমল বঁটাপ্ৰাপ্ত মিচিং ভাষাৰ ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷

special-show-of-rajat-kamal-award-winning-film-anu-ruwad-in-kalakshetra
কলাক্ষেত্ৰত ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ 'আনু ৰোৱাড'ৰ বিশেষ প্ৰদৰ্শনী

গুৱাহাটী, ১০ এপ্ৰিল : ধৰ্মীয় গোৰামী, অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে প্ৰাসংগিক, অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰ আধাৰত নিৰ্মাণ কৰা ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰজত কমল বঁটাপ্ৰাপ্ত মিচিং ভাষাৰ চলচ্চিত্ৰ 'আনু ৰোৱাড'ৰ দেওবাৰে বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় (Rajat Kamal Award winning film 'Anu Ruwad') ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক এম মনিৰাম, ব্ৰিগেডিয়াৰ অবনি পাইট ।

উল্লেখ্য যে, মাজুলীৰ এক ভিতৰুৱা অঞ্চলত দৃশ্যগ্ৰহণ কৰা ছবিখনিত অভিনয় কৰিছে নীলিম দত্ত, ৰাজীৱ দলে, পুষ্প মিচং, নয়ন কামান, উৎপল পগাগ, পদ্ম পেগু, গজেন পেগু, অনল কামান, গােবিন্দ নৰহ, আনেশ্বৰ পেগু, ৰাজা দলে, মিগম দলে, ৰঞ্জন কুম্বং, ধৰম ৰাজ, প্রণৱজ্যোতি টাইদ আদিয়ে ৷

লগতে শিশু শিল্পীসকল ক্ৰমে প্রিতিমালা, কাকলাে, পবনৰ লগতে বহুকেইগৰাকী কণ কণ অভিনয় শিল্পীয়ে এই ছবিখনত অভিনয় কৰে ।

অবনৰি পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনিৰ প্ৰযোজনা আৰু পৰিচালনা দিলীপ কুমাৰ দলেৰ । কাহিনী ডাঃ বিদ্যেশ্বৰ দলেৰ । সহযােগী পৰিচালক তথা সম্পাদনা ঘনশ্যাম কলিতাৰ । চিনেমেট’ গ্রাফী কৰিছে সুমন দুৱৰাই আৰু শব্দ মিশ্রণ যতীন শর্মাৰ । সংগীত পৰিচালক দিলীপ কুমাৰ দলে । সাজসজ্জা গীতাৰাণী আৰু শংকু বৰুৱাৰ । কলা নির্দেশক ৰমা ৰয় ।

লগতে পঢ়ক : বাঁহৰ ওলমি বাদুলী ওলমা ছেও অনুশীলন অশীতিপৰ ওজা জয়ৰাম খঙীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.