ETV Bharat / state

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘‘ৰাইজিং ছান’’ৰ বিশেষ প্ৰদৰ্শনী - 8th Indian Cine Film Festival

সমাজ জীৱনৰ এক বাস্তৱ বিষয়ৰ পটভূমিত নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি ‘‘ৰাইজিং ছান’’ (New Assamese film Rising Sun)। ছবিখনত অভিনয় কৰা প্ৰত্যেকজন দিব্যাংগ চৰিত্ৰৰ ব্যক্তিয়েই সঁচা অৰ্থত একো একোজন দিব্যাংগ । ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা মনোজ বৈশ্যৰ ।

Screening of new Assamese film Rising Sun
জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘‘ৰাইজিং ছান’’ৰ বিশেষ প্ৰদৰ্শনী
author img

By

Published : Sep 30, 2022, 10:24 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা দিব্যাংগসকলে জীৱন যুদ্ধত কিদৰে সমাজৰ অৱহেলা, লাঞ্চনাৰ মুখামুখি হয় । সমাজত নিজৰ অধিকাৰ বিচাৰি যাওঁতে সমাজ আৰু প্ৰশাসনৰ পৰা তেওঁলোক কিদৰে নিৰ্যাতিত হয় । সমাজ জীৱনৰ এনে এক বাস্তৱ বিষয়ৰ পটভূমিত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি ‘‘ৰাইজিং ছান’’ (New Assamese film Rising Sun)।

গীত ফিল্ম মেকাৰ্চৰ বেনাৰত নিৰ্মিত ‘‘ৰাইজিং ছান’’ নামৰ নতুন অসমীয়া চলচ্ছিত্ৰখনৰ শুকুৰবাৰে জ্যোতি চিত্ৰবনত এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় (Screening of new Assamese film Rising Sun) । বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, জ্যেষ্ঠ চিকিৎসক তথা সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা, শীৰ্ষ প্ৰশাসনীয় বিষয়া দেবেশ্বৰ বৰা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া ৷

লগতে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, মণ্টু শইকীয়া, ড৹ অনন্ত মাধৱ দত্ত, ডাঃ যদুনাথ বুঢ়াগোঁহাই, ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ সহকাৰী প্ৰবন্ধক বসন্ত গগৈ, কণ্ঠশিল্পী ৰোহিত সোণাৰৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি ।

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘‘ৰাইজিং ছান’’ৰ বিশেষ প্ৰদৰ্শনী

ছবিখনৰ বিশেষ বৈশিষ্ট্য হৈছে ছবিখনত অভিনয় কৰা প্ৰত্যেকজন দিব্যাংগ চৰিত্ৰৰ ব্যক্তিয়েই সঁচা অৰ্থত একো একোজন দিব্যাংগ ৷ ‘‘ৰাইজিং ছান’’ৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা মনোজ বৈশ্যৰ । প্ৰযোজনা নৃপেন মালাকাৰৰ । ছবিখনিৰ সংগীত পৰিচালক হৃদয় ৰঞ্জন চৌধুৰীৰ ।

লগতে পঢ়ক : পৰ্ণ গোচৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক আবেদন ৰাজ কুন্দ্ৰাৰ

‘‘ৰাইজিং ছান’’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে জয়ন্ত ভাগৱতী, পৰাণ কমল, দ্বিবন কুমাৰ বৈশ্য, বিপুল দাস, নৃপেন মালাকাৰ, বিউটি গগৈ, ৰবীন হালৈ, ৰিমঝিম শৰ্মা, ৰঞ্জন দাস, বিপুল দাস, তপন ডেকা, নৱজ্যোতি কাশ্যপ, মুকুল, ভৱেশ দাস, প্ৰিন্সী গগৈ, কুলধৰ বৰুৱা, অৰুণ ভূঞা, দীপেন ভূঞা, সুখদেৱ মণ্ডল, পংকজ নাথ, অনু দাস, অভিজিৎ মহাপাত্ৰই ৷

লগতে অভিনয় কৰিছে নিপুল কলিতা, ৰাজেন বনিয়া, চন্দন দাস, হিমাংশু নাথ, চিত্তৰঞ্জন কলিতা, অমৃত শৰ্মা, ৰাজেন বনিয়া, প্ৰসন্ন শৰ্মা, ৰাজু চেত্ৰী, ৰঞ্জিত চেত্ৰী, বীৰেণ মালাকাৰ, সম্প্ৰীদ বি মালাকাৰ, ড॰ অৰুণজ্যোতি দত্ত, সুনীল দাস, হৰেন বৰ্মন, ৰীতা দাস আৰু বহুতো শিল্পীয়ে ।

ছবিখনে ইতিমধ্যে আমেৰিকাৰ Accolade Globle Film completion ত ৪৩,০০০ ছবিৰ ভিতৰত প্ৰতিবন্ধী শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে । তদুপৰি Crownwood International Film Festival ত শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান, Unicom International Film Festival ত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ৷

লগতে ছবিখনত দুগৰাকী প্ৰতিবন্ধী ব্যক্তি ক্ৰমে নৃপেন মালাকাৰ আৰু বিউটি গগৈয়ে শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী বঁটাৰ বাবে Crownwood International Film Festivaln ত নিৰ্বাচিত হোৱাৰ উপৰি মুম্বাইৰ 8th Indian Cine Film Festival ২০০০ best debut Director খিতাপ লাভ কৰিছে ।

লগতে পঢ়ক : Richa Chadha Ali Fazal wedding মোহব্বত মোবাৰক, ৰিছাৰ এই কেপছনে হৃদয় জিনিছে নেটিজেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.