ETV Bharat / state

চাহ বাগিছাৰ লোকসকলৰ বাবে চৰকাৰৰ বিশেষ আঁচনি

উন্নয়নৰ দিশত আগবাঢ়ি যাব চাহ বাগিছাৰ লোক : মন্ত্ৰী পল্লৱলোচন দাস

author img

By

Published : Feb 15, 2019, 8:50 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে মহানগৰীৰ সৰুসজাই খেলপথাৰত বিত্ত বিভাগৰ সহযোগত চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় 'চাহ বাগিছা ধন পুৰস্কাৰ আঁচনি'ৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠান। অনুষ্ঠানত চৰকাৰে চাহ বাগিছাৰ ছাত্ৰীসকলক প্ৰদান কৰে স্কুটী। ৬৫ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটী সমূহ ।

উন্নয়নৰ দিশত আগবাঢ়ি যাব চাহ বাগিছাৰ লোক : মন্ত্ৰী পল্লৱলোচন দাস
ইফালে বাগিছাৰ শিক্ষিত নিবনুৱা সকলক এখনকৈ চাৰি চকীয়া বাহন প্ৰদান কৰাৰ লগতে চাহ বাগিছাৰ চৰ্ডাৰ সকলক প্ৰদান কৰা হয় ম'বাইল ফোন । এই অনুষ্ঠানতেই ২০০ গৰাকী ছাত্ৰীক নাৰ্চৰ প্ৰশিক্ষণৰ নামভৰ্তিৰ পত্ৰও প্ৰদান কৰা হয় । এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
undefined

ইফালে এই অনুষ্ঠানতেই চাহ বাগিছাৰ লোকসকলৰ বাবে কেইবাটাও বিশেষ আঁচনি ঘোষণা কৰে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়াকৈ ২ কেজি চেনি, চাউল, পঢ়ি থকা শিক্ষাৰ্থীক বছৰি ১০ হাজাৰ টকা, হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰি থকা সকলক বছৰি ১৭ হাজাৰ টকা, গৰ্ভাৱতী মহিলাক ১২ হাজাৰ টকা, সৰু ব্য়ৱসায় কৰাৰ বাবে প্ৰায় ১০ হাজাৰ ল'ৰা ছোৱালীৰ মাজত ২৫ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে এনেবোৰ আঁচনিৰ জৰিয়তে চাহ বাগিছাৰ লোকসকল উন্নয়নৰ দিশত অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব বুলি মন্তব্য কৰে মন্ত্ৰী পল্লৱলোচন দাসে।

Intro:শুকুৰবাৰে মহানগৰীৰ সৰুসজাই খেলপথাৰত বিত্ত বিভাগৰ সহযোগত চাহ জনজাতি কল্যান বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠান। অনুষ্ঠানত চাহ বাগিছাৰ ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰে স্কুটী। ৬৫শতাংশ আৰু তাতোতকৈ অধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটী। তাৰোপৰি চাহ বাগিছাৰ শিক্ষিত নিবনুৱাক এখনকৈ চাৰিচকীয়া বাহন, চাহ বাগিছাৰ চৰ্ডাৰসকলক মোবাইল ফোন, ২০০ছাত্ৰীক নাৰ্চৰ প্ৰশিক্ষণৰ নামভৰ্তি পত্ৰ প্ৰদান কৰে এই অনুষ্ঠানত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে এই বিশেষ অনুষ্ঠানৰ।

Body:ইফালে এই অনুষ্ঠানতে চাহ বাগিছাৰ লোকসকলৰ বাবে কেইবাটাও বিশেষ আঁচনি ঘোষণা কৰে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়াকৈ ২কেজি চেনি, চাউল, পঢ়ি থকা শিক্ষাৰ্থীক বছৰি ১০হাজাৰ টকা, হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰি থকা সকলক বছৰি ১৭হাজাৰ টকা, গৰ্ভাৱতী মহিলাক ১২ হাজাৰ টকা পৰ্যন্ত প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে এনেবোৰ আঁচনিৰ জৰিয়তে চাহ বাগিছাৰ লোকসকল উন্নয়নৰ দিশত অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব বুলি মন্তব্য কৰে মন্ত্ৰী পল্লৱলোচন দাসে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.