ETV Bharat / state

Indo-Bangladesh border ত BSF ৰ বিশেষ ক্ষমতাক লৈ বিপৰীত মেৰুত মমতা-হিমন্ত - ড৹ হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অসম আৰু পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ 50 কিলোমিটাৰৰ ভিতৰত অভিযান চলাবলৈ সীমা সুৰক্ষা বলক(BSF) বিশেষ ক্ষমতা প্ৰদান কৰা ব্যৱস্থা সম্পৰ্কত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লৈছে বিপৰীত স্থিতি ৷ সবিশেষ জানো আহক ৷

special-power-to-bsf-in-the-border-mamta-himanta-takes-opposite-stand
Indo-Bangladesh border ত BSF ৰ বিশেষ ক্ষমতা লৈ বিপৰীত মেৰুত মমতা-হিমন্ত
author img

By

Published : Nov 18, 2021, 6:19 PM IST

গুৱাহাটী , 18 নবেম্বৰ : কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অসম আৰু পশ্চিমবংগৰ ভাৰত- বাংলাদেশ সীমান্তৰ 50 কিলোমিটাৰৰ ভিতৰত অভিযান চলাবলৈ সীমা সুৰক্ষা বলক(BSF) বিশেষ ক্ষমতা প্ৰদান কৰা ব্যৱস্থাই অসম তথা ভাৰতত বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰবেশ ৰোধ কৰাত সহায়ক হৈছে বুলি সীমা সুৰক্ষা বল(BSF) ৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ আই জি (I G) সঞ্জয় সিঙ গেলটে মন্তব্য কৰে ।

বৃহস্পতিবাৰে, গুৱাহাটীত থকা সীমা সুৰক্ষা বল(BSF)ৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত সঞ্জয় সিং গেলটে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, এই ব্যৱস্থাৰ ফলত সীমা সুৰক্ষা বলে(BSF) অসম আৰু পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত অবৈধ কাৰ্যকলাপ হ্ৰাস কৰিবলৈ সক্ষম হৈছে ।

তেওঁ কয় যে, পূৰ্বতে ভাৰত আৰু বাংলাদেশ তথা ভাৰত আৰু পাকিস্তান সীমান্তত 15 কিলোমিটাৰৰ ভিতৰত সীমা সুৰক্ষা বল(BSF)ক অভিযান চলোৱাৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল ।

যোৱা 11 অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে এই সীমাৰ পৰিমাণ 50 কিলোমিটাৰলৈ বৃদ্ধি কৰিছে । তেওঁ কয় যে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 50 কিলোমিটাৰৰ ভিতৰত সীমা সুৰক্ষা বলে(BSF) passport act 1967, passport act ( entry into India) 1920, Passport act 1973, Custom act, NDPS Act আৰু Arms Act ৰ অধীনত যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ আৰু সামগ্ৰী জব্দ কৰিব পাৰে ।

তেওঁ কয় যে শেহতীয়াভাৱে অসম আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তত হোৱা অবৈধ চোৰাং গৰুৰ সৰবৰাহ সীমা সুৰক্ষা বলে(BSF) বন্ধ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে । কিন্তু তাৰ বিপৰীতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে ।

কিছুদিন পূৰ্বে মূখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি বিধানসভাত এক প্ৰস্তাৱো গ্ৰহণ কৰিছে। মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত পশ্চিম বংগৰ ভাৰত বাংলাদেশ সীমান্তত থকা ভাৰতীয় নাগৰিকৰ ওপৰত সীমা সুৰক্ষা বল(BSF)ৰ হাৰাশাস্তি বৃদ্ধি পাব ।

লগতে পঢ়ক : Road Construction : পথ নিৰ্মাণৰ পিছদিনাই এৰিলে ব্লেক টপিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.