ETV Bharat / state

কোভিড যোদ্ধাৰ চিকিৎসাৰ দায়িত্ব কোনে ল'ব

author img

By

Published : Jun 24, 2020, 6:05 PM IST

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড৹ লক্ষ্মণন এছৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন...

Special interview with dr lakshmanan s guwahati kamrup metro assam etv bharat news
ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী,24 জুন: আজিৰ তাৰিখত গুৱাহাটী মহানগৰীকে ধৰি সমগ্র অসমত Covid 19 ৰ সংক্ৰমণ ভয়ংকৰৰূপে বৃদ্ধি পাইছে । স্বাভাৱিকতে এনে পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ পূৰ্বতকৈ অধিক সক্ৰিয়তা আৰু সতৰ্কতাৰে নামি পৰিবলগীয়া হৈছে চিকিৎসক, নাৰ্চ অথবা স্বাস্থ্য কৰ্মীসকল ৷ তাকে কৰিবলৈ যাওঁতে এইসকল চিকিৎসা কৰ্মীৰ বাবে আহি পৰিছে ভাবুকি । কেৱল কোভিড ৰোগীক চিকিৎসা কৰাৰ বাবে যে তেওঁলোকৰ শৰীৰলৈ এই ৰোগ সংক্ৰমণৰ ভাবুকি আহিছে তেনে নহয়, তেওঁলোক আক্ৰান্ত হ’বলগীয়া হৈছে অন্যান্য ৰোগতো । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইছএমৰ অসমৰ মিছন সঞ্চালক ড৹ লক্ষ্মণন এছে প্ৰকাশ কৰিছে যে আজিৰ তাৰিখত সমগ্ৰ অসমত চলি থকা কৰ’ণা বিৰোধী যুদ্ধখনত সমুখৰ শাৰীত থাকি কাম কৰি আহিছে ৰাজ্য়ৰ প্ৰায় চাৰে চাৰি হেজাৰ চিকিৎসকে । তেওঁলোকৰ লগত আছে নাৰ্চ, টেকনিচিয়ানকে ধৰি অন্যান্য স্বাস্থ্য কৰ্মীসকল ।

ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক

ড৹ লক্ষ্মণনে আৰু কয় যে, এই চিকিৎসকসকলৰ মাজত প্ৰায় 400 চিকিৎসকে ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা কোভিড চিকিৎসালয়সমূহত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত ৰোগীক চিকিৎসা কৰি আছে । এক কথাত তেওঁলোক এক স্পৰ্শকাতৰ স্থিতিত থাকি কাম কৰি থাকিবলগীয়া হৈছে । ড৹ লক্ষ্মণনে কয়- একেৰাহে আঠ ঘণ্টা সময় পিপিই কিট, গ্ল’ভছ,মাস্ক আদি পিন্ধি চিকিৎসা সেৱা আগবঢ়াই থকাটো মুখৰ কথা নহয় । এই কাম একোজন চিকিৎসকে একেৰাহে সাত দিন পৰ্যন্ত কৰিব লাগে আৰু তাৰ পিছত তেওঁ কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় । এনেদৰে পিপিই কিট, মাস্ক, গ্ল’ভছ একেৰাহে পিন্ধি থকাৰ বাবে হয়তো কাৰোবাৰ এলাৰ্জীকে ধৰি আন কেতবোৰ ৰোগৰ উপসৰ্গই দেখা দিব পাৰে ৷ গতিকে, তেনেক্ষেত্ৰত সেই চিকিৎসকৰ দায়িত্ব নিঃসন্দেহে চৰকাৰৰ ৷ তেওঁক চিকিৎসা কৰা, কোৱাৰেণ্টাইনত ৰখাৰ দায়িত্বও চৰকাৰৰ ৷

সাক্ষাৎকাৰটোত মিছন সঞ্চালকগৰাকীয়ে লগতে অৱশ্যে এইবুলিও কয় যে, বৰ্তমানৰ পৰিস্থিতি স্বাভাৱিক নহয় । গতিকে এনে পৰিস্থিতিত হয়তো কোনো-কোনো চিকিৎসাকৰ্মীয়ে বাৰ ঘণ্টা পৰ্যন্তও সেৱা আগবঢ়াবলগীয়া হৈছে । যাৰ ফলস্বৰূপে বহুকেইগৰাকী চিকিৎসক কোভিডত আক্ৰান্ত হ’বলগীয়া হৈছে ।

লগতে চাওকঃ পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যঃ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.