গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শুকুৰবাৰে ৰাজ্যজুৰি আয়োজন কৰে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ । এনএইচএম, অসমৰ উদ্যোগত আয়োজিত ‘‘স্বাস্থ্য সেৱা অভিযান - স্বাস্থ্য পৰীক্ষা শিবিৰ’’ শীৰ্ষক এই এদিনীয়া বিশেষ স্বাস্থ্য কাৰ্যসূচী শুকুৰবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই (Health check up camps held in Guwahati) ।
দিছপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত আয়োজিত ৰাজ্যিক স্তৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যজুৰি এই বিশেষ অভিযান মুকলি কৰি তেওঁ কয় যে, অসমত মাতৃ আৰু শিশু স্বাস্থ্য সেৱাৰ মান উন্নীতকৰণত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে ।
![Special health check-up camps held across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-06-keshab-photo-7210450_23092022204407_2309f_1663946047_261.jpg)
নৱজাতক শিশু আৰু প্ৰসূতি-মাতৃৰ সুস্বাস্থ্যৰ ওপৰত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন বহুখিনি নিৰ্ভৰ কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ (MMR) আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ (IMR) হ্ৰাস কৰাৰ দিশত স্বাস্থ্য বিভাগে অধিক ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ।
এই ৰাজ্যিক স্তৰীয় শুভাৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, গুৱাহাটী পৌৰ নিগমৰ ৫৯ নং ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়া আৰু ৪৮ নং ৱাৰ্ডৰ পাৰিষদ দুলুমনি কাকতিও উপস্থিত থাকে ।
উল্লেখ্য যে, ‘‘স্বাস্থ্য সেৱা অভিযান - স্বাস্থ্য পৰীক্ষা শিবিৰ’’ৰ অধীনত শুকুৰবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰে নিৰ্বাচিত স্বাস্থ্যখণ্ড তথা নিৰ্দিষ্ট স্থানত জনসাধাৰণৰ বাবে সামগ্ৰিকভাৱে স্বাস্থ্য পৰীক্ষাৰ লগতে চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হয় । এই এদিনীয়া শিবিৰসমূহত বিশেষভাৱে মাতৃ আৰু শিশু স্বাস্থ্যসেৱাত গুৰুত্ব প্ৰদান কৰাৰ লগতে চকু আৰু দন্ত বিশেষজ্ঞও উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায় ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় গেমছত পদক অনিব পাৰিলে পাব চৰকাৰী চাকৰি : মুখ্যমন্ত্ৰী