ETV Bharat / state

Special felicitation program: উত্তৰ পূব দক্ষতা কেন্দ্ৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান - North East Skill Centre in Guwahati

অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য কাৰ্যালয়ত বহিঃৰাষ্ট্ৰত কৰ্ম সংস্থাপন লাভ কৰা প্ৰশিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাবৰ বাবে আয়োজিত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিলে অংশগ্ৰহণ(Minister Jayanta Malla Baruah)। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দিয়া ভাষণত কয় যে ৰাজ্যৰ বহুতো নিৱনুৱাই উত্তৰ-পূৰ্বাঞ্চল দক্ষতা বিকাশ কেন্দ্ৰত প্ৰশিক্ষণ লৈ বিভিন্ন ক্ষেত্ৰত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

felicitation ceremony in Guwahati
অসম দক্ষতা বিকাশ অভিযান
author img

By

Published : Feb 25, 2023, 11:49 AM IST

উত্তৰ পূব দক্ষতা কেন্দ্ৰত প্ৰশিক্ষাৰ্থীক সম্বৰ্ধনা

গুৱাহাটী ,২৫ফেব্ৰুৱাৰী:গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত অসম দক্ষতা বিকাশ অভিযানৰ (Assam Skill Development Mission) মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । বাহৰেইন আৰু ডুবাইত কৰ্ম সংস্থাপন লাভ কৰা প্ৰশিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে অসম চৰকাৰৰ দক্ষতা নিয়োগ বিভাগৰ বিষয়া বি কল্যাণ চক্ৰৱৰ্তী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি (Felicitation program at North East Skill Centre)।

এই সম্বৰ্ধনা অনুষ্ঠানটোত দিয়া ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, ইতিমধ্যে ৰাজ্যৰ বহু নিৱনুৱাই উত্তৰ-পূৰ্বাঞ্চল দক্ষতা বিকাশ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰতি বছৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে ৰাষ্ট্ৰতো কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে । এই বৰ্ষত মুঠ ১৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি বহিঃৰাষ্ট্ৰত কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলিও কয় মন্ত্ৰীগৰাকীয়ে । তেওঁ বাহৰেইন আৰু ডুবাইত কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশিক্ষাৰ্থীসকলক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিবলৈ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰে ।

অনুস্থানটোত প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে উত্তৰ-পূৰ্বাঞ্চল দক্ষতা বিকাশ কেন্দ্ৰত (North East Skill Centre in Guwahati) প্ৰশিক্ষণ গ্ৰহণ কৰা ৯৫ শতাংশ শিক্ষাৰ্থীয়ে ইতিমধ্যে অসমৰ লগতে দেশ তথা বিদেশী ৰাষ্ট্ৰত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে । বৰ্তমান অসমত পৰম্পৰাগত শিক্ষা ব্যবস্থাৰ বিপৰীতে বৃত্তিমুখী শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও মন্তব্য় কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ উপৰিও সকলোকে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি নিজেই নিজক প্ৰতিষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় ।

উল্লেখ্য় যে বিগত সময়ছোৱাত অসম দক্ষতা বিকাশ কেন্দ্ৰৰ অধীনত আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, ছিংগাপুৰৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ লক্ষ্যৰে গুৱাহাটীত চাৰিটাকৈ গুৰুত্বপূৰ্ণ পাঠ্যক্ৰমত শিক্ষা প্ৰদান কৰা হৈছে । উত্তৰ-পূব দক্ষতা কেন্দ্ৰত খুচুৰা বিক্ৰী সেৱা, সৌন্দৰ্য আাৰু সু-স্বাস্থ্য, খাদ্য আৰু পানীয় সেৱা আৰু আতিথ্য সেৱা তথা গৃহ ব্যৱস্থাপনা আদি বিষয়ত শিক্ষা প্ৰদান কৰাৰ ফলত বহুতো যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে । এই পাঠ্যক্ৰমৰ প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে অসমৰ লগতে ৰাজ্য়ৰ বাহিৰতো উত্তৰ-পূব দক্ষতা কেন্দ্ৰই নিযুক্তিৰ ব্যৱস্থা কৰাত সম্প্ৰতি দক্ষতা বিকাশ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণৰ বাবে বহু যুৱক যুৱতী আগুৱাই আহিছে ।

লগতে পঢ়ক:Missing student rescued: মৰিয়নিত উদ্ধাৰ কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.