ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - এখন বজাৰ লেছিক গতাই দিয়াক লৈ গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পৌৰ নিগমৰ বিষয়া দেৱেশ্বৰ মালাকৰৰ বিৰুদ্ধে সৰৱ দক্ষিণ গুৱাহাটী অঞ্চলৰ সাউকুছি বজাৰৰ স্থানীয় ৰাইজ ৷ ধনৰ লালসাত সাউকুছি বজাৰখন লেছিক চমজাই দিয়াৰ গুৰুতৰ অভিযোগ ।

দক্ষিণ গুৱাহাটীত গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 24, 2019, 8:53 AM IST

গুৱাহাটী, 24 অক্টোবৰ: দক্ষিণ কামৰূপত ৰাইজৰ ব্যাপক প্ৰতিবাদ ৷ এখন বজাৰ লেছিক গতাই দিয়াক লৈ গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ ৷ পৌৰ নিগমৰ বিষয়া দেৱেশ্বৰ মালাকৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ ৷

দক্ষিণ গুৱাহাটীত গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

দক্ষিণ গুৱাহাটী অঞ্চলৰ অন্যতম পুৰণি সাউকুছি বজাৰখন আৰম্ভণিৰে পৰা স্থানীয় ৰাইজে পৰিচালনা কৰি পোৱা ধনেৰে অঞ্চলটোৰ বেটকুছি মাধ্যমিক বিদ্যালয়খন উন্নয়নৰ বাবে ধন ব্যয় কৰি আহিছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়খন চৰকাৰীকৰণ হোৱাত অঞ্চলটোত দক্ষিণ গুৱাহাটী কনিষ্ঠ মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰাই উক্ত শিক্ষানুষ্ঠানখনৰ পৰিচালনা তথা তাৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক এই বজাৰৰ পৰাই সংগ্ৰহ কৰাৰ ধনেৰে কিছু পৰিমাণৰ মাননি প্ৰদান কৰি থকা হৈছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে গোপনে নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰি এই বজাৰখন জনৈক বড়ো নামৰ এজন লোকক চমজাই দিয়াত এক প্ৰকাৰ বিপাঙত পৰিছে মহাবিদ্যালয়খনৰ লগতে স্থানীয় ৰাইজ।

স্থানীয় ৰাইজৰ অভিযোগ পৌৰ নিগমৰ বিষয়া দেৱেশ্বৰ মালাকৰে গোপনে ধনৰ লালসাত এইদৰে বজাৰখন ৰাইজৰ পৰা নি লেছিক চমজাই দিছে ৷ লেছিক চমজাই দিয়া কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ বিৰোধিতা কৰি ৰাজহুৱা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। সমগ্ৰ বিষয়টো ন্যায় বিচাৰি ৰাইজ উপায়ুক্ত তথা মুখ্যমন্ত্ৰীৰ ওচৰ চাপিব বুলি উল্লেখ কৰি অনাগত দিনত যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে দেৱেশ্বৰ মালাকৰ দায়ী হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

Intro:সাউকুছি বজাৰ লেছিক গতাই দিয়াত গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত

Body:
দক্ষিণ গুৱাহাটী অঞ্চলৰ অন্যতম পুৰণি সাউকুছি বজাৰখন আৰম্ভণিৰে পৰা স্থানীয় ৰাইজে পৰিচালনা তথা চাফ-চিকুণ কৰি চলাই তাৰ পৰা পোৱা ধনেৰে অঞ্চলটোৰ বেটকুছি মাধ্যমিক বিদ্যালয়খন উন্নয়নৰ বাবে ধন ব্যয় কৰিছিল। পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়খন চৰকাৰীকৰণ হোৱাত অঞ্চলটোত দক্ষিণ গুৱাহাটী কনিষ্ঠ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰাই উক্ত শিক্ষানুষ্ঠানখন পৰিচালনা তথা তাৰ শিক্ষক শিক্ষয়ত্ৰীসকলক কিঞ্চিৎ মাননিও প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে গোপনে নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰি এই বজাৰখন জনৈক বড়ো নামৰ লোকজনক চমজাই দিয়াত একপ্ৰকাৰ বিপাঙত পৰিছে মহাবিদ্যালয়খনৰ লগতে স্থানীয় ৰাইজে। পৌৰ নিগমৰ বিষয়া দেৱেশ্বৰ মালাকৰে গোপনে ধনৰ লালসাত এইদৰে বজাৰখন ৰাইজৰ পৰা নি লেছিক চমজাই দিয়ে। আৰু লেছিক চমজাই দিয়াত স্থানীয় ৰাইজে তাৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি ৰাজহুৱা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। সমগ্ৰ বিষয়টো ন্যায় বিচাৰি ৰাইজ উপায়ুক্ত তথা মুখ্যমন্ত্ৰীৰ ওচৰ চাপিব বুলিও জানিবলৈ দিয়ে।

Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.