ETV Bharat / state

ভোট গণনাক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

author img

By

Published : Apr 25, 2021, 2:26 PM IST

126 টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে বিশেষ পৰ্যবেক্ষক হিচাপে আগমন ঘটিব 150 গৰাকী বিষয়াৰ । ভোট গণনাৰ এদিন বা দুদিন পূৰ্বে অসমত উপস্থিত হ’ব বহিঃৰাজ্যৰ বিষয়াসকল ৷ এই ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

sop-for-vote-counting
এচঅ’পি জাৰি

গুৱাহাটী,25 এপ্ৰিল: ৰাজ্যত ক’ভিডৰ বিভীষিকা অব্যাহত থকাৰ মাজতেই ক্ৰমাৎ ওচৰ চাপি আহিছে বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন । 2 মে’ত অনুষ্ঠিত হ’ব ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ক’ভিড ত্ৰাসৰ মাজতে যাতে ভোট গণনা সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ৰাজ্যৰ নিৰ্বাচন বিভাগ আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ।

sop-for-vote-counting
এচঅ’পি জাৰি

ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে বিশেষ পৰ্যবেক্ষক হিচাপে অসমৰ বাহিৰৰ পৰা আগমন ঘটিব 150 গৰাকীকৈ বিষয়াৰ । ভোট গণনাৰ এদিন বা দুদিন পূৰ্বে অসমত উপস্থিত হ’ব বিষয়াসকল । গতিকে স্বাভাৱিকতে এইসকল পৰ্যবেক্ষকৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

sop-for-vote-counting
ভোট গণনাক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

প্ৰতিটো বিমান বন্দৰতে পৰ্যবেক্ষকসকল ক’ভিড পৰীক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছে । অৱশ্যে অসমলৈ অহা সকলো বিমানযাত্ৰীৰ ক্ষেত্ৰত যি সাতদিনীয়া বাধ্যতামূলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ ইতিমধ্যে চৰকাৰে দিছিল, সেই নিৰ্দেশ এইসকল পৰ্যবেক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।

যদিহে কাৰোবাৰ স্বাস্থ্য পৰীক্ষাত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে, তেন্তে সেইসকল পৰ্যবেক্ষকক সংশ্লিষ্ট বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে লৈ যোৱা হ’ব ক'ভিড হাস্পতাললৈ আৰু তেওঁলোকক ৰখা হ’ব বিশেষ আছুতীয়া কেবিনত ৷

লগতে পঢ়ক : টীয়কৰ ক্ষুদ্ৰ চাহ বাগিচাত ‘লুপাৰ’ৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.