ETV Bharat / state

গুৱাহাটীৰ কেইটাও ৱাৰ্ডত প্ৰশাসনৰ লক ডাউন ঘোষণা

author img

By

Published : Jun 23, 2020, 1:11 PM IST

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰীৰ কেইবাখনো অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী। ইমান দিনে বহিঃৰাজ্যৰ পৰা অহা লোক সকলৰ শৰীৰতে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল যদিও এতিয়া মহানগৰীত গণ সংক্ৰমণৰ ঘটানাও পোহৰলৈ আহিছে।

গুৱাহাটীৰ কেইটাও ৱাৰ্ডত প্ৰশাসনৰ লক ডাউন ঘোষণা
গুৱাহাটীৰ কেইটাও ৱাৰ্ডত প্ৰশাসনৰ লক ডাউন ঘোষণা

গুৱাহাটী, 23 জুনঃ মহানগৰী গুৱাহাটীত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা জিলা প্ৰশাসনে গুৱাহাটীত ৱাৰ্ড ভিত্তিত লক ডাউন কৰাৰ ঘোষণাৰ চিন্তা কৰিছে। ইতিমধ্যে মহানগৰীৰ ৩১ টা ৱাৰ্ডৰ ৭ টা ৱাৰ্ডত লক ডাউন ঘোষণা কৰাৰ ইংগিত দিছে চৰকাৰে। ৱাৰ্ড নং ২,৩,৪,৫,১০,১৫ আৰু ১৬ অৰ্থাৎ জালুকবাৰী,পাণ্ডু,মালিগাঁও,ফাঁচী বজাৰ,মাছখোৱা,ধীৰেনপাৰা,ফটাশীল,ফটাশীল আমবাৰী আৰু বিষ্ণুপুৰ কেইবাটাও অঞ্চলত চৰকাৰে লক ডাউন ঘোষণাৰ ইংগিত দিছে।
মঙলবাৰে সন্ধিয়া ৬ বজাৰ মহানগৰীৰ এই ৭ টা ৱাৰ্ডত লক ডাউন আৰম্ভ হ'ব আৰু এই লক ডাউন ১৪ দিন পৰ্যন্ত থাকিব। এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক চৰফৰাজ খানৰ এক প্ৰতিবেদন...

লগতে পঢ়কঃ KFCয়ে মস্কোত প্ৰথম বাৰৰ মুকলি কৰিলে ৰবটিক ৰেষ্টুৰেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.