গুৱাহাটী, 11 জুনঃ এচাম অসাধু ব্যৱসায়ীয়ে অবৈধ ভাৱে পশুধন সৰবৰাহ কৰি আহিছে ৷ ইয়াৰ বিৰুদ্ধে তথ্যসহ আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থাই ৷
সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদ মেল আয়োজন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে সংস্থাটোৱে ৷ লগতে কয় যে ৰাজ্যত এতিয়া অবৈধ পশুধন সৰবৰাহৰ এক বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে ৷ আৰক্ষী প্ৰশাসনৰ লগত থকা গোপন বুজাবুজিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলে সংস্থাটোৱে ৷ শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী নমাইল পোৱা লৈকে এখন গাড়ীত 1 লাখতকৈও অধিক টকা মেনেজৰ নামত খৰচ হয় বুলি কয় ৷ সংস্থাটোৰ দাবী কৰিছে অতি শীঘ্ৰে চৰকাৰে এই চিণ্ডিকেট উৎখাত কৰক ৷