ETV Bharat / state

Price Hike in Assam: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি; বিপাঙত সৰ্বসাধাৰণ জনতা

বৃদ্ধি হৈছে চাউল, দাইল, মিঠাতেল, কাবুলি বুটকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৷ প্ৰতিকিলোগ্ৰাম চাউলৰ দাম ৫-১০ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে মিঠাতেলৰ দাম ৫% পৰ্যন্ত বৃদ্ধি হৈছে । একেদৰে দাইল-মচলাকে ধৰি প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধি হৈছে দাম ৷

Price Hike in Assam
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি
author img

By

Published : Aug 6, 2023, 8:51 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

গুৱাহাটী, ৬ আগষ্ট: মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক । শাক-পাচলিৰ পিচতে বৃদ্ধি হৈছে চাউল, দাইল, মিঠাতেল, কাবুলি বুটকে ধৰি অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ দাম । ৪০% কৈ বৃদ্ধি হৈছে সামগ্ৰীৰ দাম । প্ৰতিকিলোগ্ৰাম চাউলৰ দাম ৫-১০ টকাকৈ বৃদ্ধি হৈছে ৷ আনহাতে দাইলৰ দাম ৩০-৪০ টকা, কাবুলি বুট ২০-৩০ টকা, জিৰা আৰু জালুকৰ দাম দুগুণ বৃদ্ধি হৈ ৭০০- ৮০০ টকা হৈছে প্ৰতিকিলোগ্ৰামত ।

ব্যৱসায়ীয়ে জনোৱা মতে, প্ৰতিকিলোগ্ৰাম মগু দাইল পূৰ্বতে ১১০ টকাৰ বিপৰীতে বৰ্তমান ১২০-১৩০ টকাত, ৰহৰ দাইল ১২০ টকাৰ পৰিৱৰ্তে ১৪০-১৫০ টকা বিক্ৰী কৰিবলগীয়া হৈছে ৷ তদুপৰি ১২০ টকাৰ কাবুলি বুট ১৪০ টকা পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে । বিগত এসপ্তাহৰ পৰা বৃদ্ধি হৈছে চাউল-দাইলৰ মূল্য । আনহাতে মিঠাতেলৰ দাম ৫% পৰ্যন্ত বৃদ্ধি হৈছে । দিনে দিনে বৃদ্ধি হৈ আহিছে চাউল-তেলৰ দাম ।

দাম বৃদ্ধিত বিপাঙত পৰিছে সৰ্বসাধাৰণ জনতা । কিন্তু ইয়াৰ পিচতো নিষ্ক্ৰিয় যোগান বিভাগ । বজাৰত সম্প্ৰতি নূন্যতম মূল্যৰ প্ৰতিকেজি চাউলৰ খুচুৰা দাম ৪৫টকা । প্ৰতিকিলোগ্ৰাম চাউলত ৫-১০ টকাকৈ বৃদ্ধি হৈছে । পূৰ্বতে যিবোৰ চাউলৰ দাম ৩০-৩২ টকা সেই চাউলৰ দাম হৈছেগৈ ৪২ টকা । প্ৰতিকুইন্টল চাউল ৩৮৫০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে । বিশেষকৈ বৰপেটা, খাৰুপেটীয়াৰ পৰা যিবোৰ আইজং চাউল আহে সেইবোৰৰ দাম অধিক বৃদ্ধি হৈছে ।

পূৰ্বতে ব্যৱসায়ীসকলে খাৰুপেটীয়া প্ৰতিকিলোগ্ৰাম আইজং চাউল ক্ৰয় কৰিছিল ৩৪ টকাত ৷ কিন্তু এতিয়া তেওঁলোকে একেখিনি আইজং চাউলক ক্ৰয় কৰিবলগীয়া হৈছে ৪২ টকাত ৷ যাৰবাবে তেওঁলোকে এই চাউল প্ৰতিকিলোগ্ৰাম ৪৫ টকাকৈ খুচুৰা বিক্ৰী কৰিবলগীয়া হৈছে ৷ ইফালে বৰপেটাৰ আইজং চাউল আগতে ৪০ টকাকৈ ক্ৰয় কৰিছিল আৰু ৪৪ বিক্ৰী কৰিছিল । কিন্তু এতিয়া ৪৫ কিনিবলগীয়া হৈছে আৰু ৪৮ টকাত খুচুৰাকৈ বিক্ৰী কৰিবলগীয়া হৈছে ।

আনহাতে সোণাশক্তি চাউলৰো মূল্যবৃদ্ধি হৈছে । ২০ কেজিৰৰ পেকেট ১২২০ টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে । জনসাধাৰণক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ পিচতো দাম নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । মুঠৰ ওপৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে কেকোঁৰা চেপা দিছে সৰ্বসাধাৰণ জনতাক ।

লগতে পঢ়ক: Akhil Gogoi on Price Hike: চৰকাৰৰ নীতিৰ বাবে অত্যাৱশ্যকীয় সমগ্রীৰ দামবৃদ্ধি হৈছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.