ETV Bharat / state

Assam Bandha : ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ - Assam Bandha on 15 November

জনজাতিকৰণৰ প্ৰসংগকলৈ সংবাদমেলত সৰৱ ছয় জনগোষ্ঠী যৌথ মঞ্চৰ নেতৃত্ব (Six tribe joint forum)। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আহ্বান জনোৱা ১৪ নৱেম্বৰ আৰু ১৭ নৱেম্বৰৰ ধেমাজি আৰু শিমলুগুৰিৰ ৰে’লপথ অৱৰোধ কাৰ্যসূচীত ছয় জনগোষ্ঠী যৌথ মঞ্চৰ পূৰ্ণ সমৰ্থন । ৰাজ্যৰ বিভিন্ন স্থানত কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ ৰূপায়ণ কৰা হ’ব দিছপুৰ ঘেৰাও কাৰ্যসূচী । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা বিজেপিক শূন্য কৰি দিয়াৰ হুংকাৰ ।

Assam Bandha
১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ
author img

By

Published : Nov 11, 2022, 9:34 PM IST

গুৱাহাটী, ১১ নৱেম্বৰ : ১৫ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে নৱগঠিত ছয় জনগোষ্ঠী যৌথ মঞ্চই (Assam Bandha on 15 November)। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে ছয় জনগোষ্ঠী যৌথ মঞ্চৰ নেতৃত্বই (Six tribe joint forum)।

সংবাদমেলত ছয় জনগোষ্ঠী যৌথ মঞ্চৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে কয় যে, জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে যৌথ মঞ্চই অসম বন্ধৰ আহ্বান জনোৱাকে ধৰি আন কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে ।

তেওঁ কয় যে, ১৫ নৱেম্বৰত ছয় জনগোষ্ঠী যৌথ মঞ্চই অসম বন্ধৰ আহ্বান জনোৱাৰ উপৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আহ্বান জনোৱা ১৪ নৱেম্বৰ আৰু ১৭ নৱেম্বৰৰ ধেমাজি আৰু শিমলুগুৰিৰ ৰে’লপথ অৱৰোধ কাৰ্যসূচীত ছয় জনগোষ্ঠী যৌথ মঞ্চই পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব ।

সেইদৰে ৩০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আহ্বান কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো ছয় জনগোষ্ঠী যৌথ মঞ্চই পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব । তেওঁ লগতে কয় যে, পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু দিছপুৰ ঘেৰাও আদি কাৰ্যসূচী ছয় জনগোষ্ঠী যৌথ মঞ্চই গ্ৰহণ কৰিব ।

১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ

২০২৪ৰ লোকসভা নিৰ্বাচনৰ(Lok Sabha election 2024) পূৰ্বে যদি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিয়ে তেন্তে নিৰ্বাচনত অসমৰ পৰা বিজেপিক শূন্য কৰি দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই । সংবাদমেলত আৰু এটা কথা স্পষ্ট কৰি সংগঠনটোৱে কয় যে, প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনা নহয় ।

তেওঁলোকে সংসদৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ উভয় সদনতে উত্থাপন কৰাৰ দাবী জনায় (Tribalisation of six ethnic group)। এইক্ষেত্ৰত তেওঁলোকে অসমৰ সাংসদসকলক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি সদৰী কৰে । সংবাদমেলত সদৌ কোচ ৰাজবংশী সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ(টাইপা), সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা), সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা(স্বতন্ত্ৰ), কোচ ৰাজবংশী যুৱ সন্মিলনৰ বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক : SFI and DYFI protest in Guwahati : ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.