গুৱাহাটী,১ মে': অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ বাবে আন এক দুঃখবৰ । কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰতিভাৱান গায়িকা পাৰবিন পৰীয়ে । শনিবাৰে চিকিত্সাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে । কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ ।
উল্লেখ্য যে, কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পী পাৰবিন পৰীয়ে । জানিব পৰা মতে ৰোজা ৰাখি গীত পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল পাৰবিন পৰী । হঠাত্ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
অৱশেষত শনিবাৰে উদীয়মান কণ্ঠশিল্পী গৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিলে । অকালতে মৰহি গ'ল এটা প্ৰতিভা । দুদিনপূৰ্বে পাৰবিন পৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছিল । পিছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক। কিন্তু শনিবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
উল্লেখ্য যে, কণ্ঠশিল্পী গৰাকীৰ পিতৃৰো কৰ'ণাত আক্ৰান্ত হৈ দুদিন পূৰ্বে মৃত্যু হৈছিল । ইফালে কৰ’ণাত আক্ৰান্ত হৈ ইয়াৰ পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু সংগীত পৰিচালিক ডঃ বিজয়লক্ষ্মী দাসৰ মৃত্যু হৈছিল । পাৰবিন পৰীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক : এগজিট প'ল এগজেক্ট প'ল নহয় : অসম প্ৰদেশ কংগ্ৰেছ কমিটি