ETV Bharat / state

Silsako eviction updates: উচ্ছেদৰ ক্ষোভত মুখ্যমন্ত্ৰীক অভিশাপ; আজমলৰ ভূমিতো চলিল উচ্ছেদ অভিযান - প্ৰশাসনৰ উচ্ছেদ অভিযান

শিলসাঁকো বিলত চলি থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে ৷ কিন্তু তাৰ মাজতে তৃতীয় দিনাও চলিল শিলসাঁকোত উচ্ছেদ অভিযান ৷ আজমলৰ ভূমিতো চলিল প্ৰশাসনৰ বুলড’জাৰ (Eviction drive in Silsako beel) ৷

Silsako eviction leads to human crisis
Silsako eviction updates
author img

By

Published : Mar 1, 2023, 10:03 PM IST

উচ্ছেদৰ ক্ষোভত মুখ্যমন্ত্ৰীক অভিশাপ

গুৱাহাটী, 1 মাৰ্চ : শিলসাঁকো বিল বেদখল মুক্ত কৰি গুৱাহাটীক বান মুক্ত কৰাৰ স্বাৰ্থত তৃতীয় দিনাও চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । বুধবাৰে পুৱা 8 বজাৰ পৰা বিশাল নিৰাপত্তা বাহিনী লগত লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে শিলসাঁকো বিলৰ পাৰত উপস্থিত হৈ বেদখলকৃত ভূমিত নিৰ্মাণ কৰা ঘৰ-দুৱাৰ ভাঙি ধ্বংসস্তূপত পৰিণত কৰে (Eviction drive in Silsako beel)।

কামৰূপ মহানগৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভাগীয় বিভাগৰ বিভিন্ন বিষয়াৰ উপস্থিতিত অভিযানকাৰী দলে এফালৰ পৰা বুলড’জাৰ চলায় প্ৰায় অবৈধভাৱে নিৰ্মাণ কৰা কেইবামহলীয়া অট্টালিকাসহ প্ৰায় শতাধিক ঘৰ ভাঙি পেলায় । ইফালে শিলসাঁকোত থকা বদৰুদ্দিন আজমলৰ ভূমিটো প্ৰশাসনৰ হাঁতোৰা পৰে (Silsako eviction updates) ।

লগতে পঢ়ক: Assam CM on eviction drive: আজমলৰ পৰা হিম্মৎ সিংকালৈ কোনেও ৰেহাই নাপায়; মুখ্য়মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

শিলসাঁকো ভূমি বেদখল কৰি পকী দেৱাল নিৰ্মাণ কৰা এখন দেৱাল আজি এক্সভেটৰৰ সহায়ত ভাঙি পেলোৱা হয় । শিলসাঁকো বিলৰ লগতে আছে আজমলৰ ৩৫ বিঘা ভূমি । লক্ষ্যনীয় কথা যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত শিলসাঁকো বিলৰ ভূমিত থকা আজমলৰ ভূমি, জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউটত উচ্ছেদ চলোৱা হ’ব বুলি সদৰি কৰে ৷ তাৰ পিচতেই বুধবাৰে দুপৰীয়াৰ ভাগত আজমলৰ ভূমিৰ কিছু অংশ উচ্ছেদ কৰা কাৰ্য লক্ষ্যনীয় হিচাপে বিবেচিত হৈছে (Silsako eviction leads to human crisis) ।

বিশেষকৈ বুধবাৰে শিলসাঁকো বিলৰ বিষ্ণু নগৰ, শংকৰ নগৰ, আজমল গলী, জুৰি পাৰ আদি অঞ্চলত বেদখল কৰি নিৰ্মাণ কৰা ঘৰ, কেইবাটাও মন্দিৰ প্ৰশাসনে ফকলেণ্ড জে চি বিৰ সহায়ত ভাঙি পেলায় । কামৰূপ জিলা প্ৰশাসনে আজি পুৱা 8 বজাৰ পৰা চলোৱা উচ্ছেদ অভিযান সন্ধিয়া 5 বজাত সামৰণি পৰে । অভিযানৰ ফলত নিজৰ কষ্ট'পাৰ্জিত ধনেৰে সাজি উলিওৱা সপোনৰ ঘৰখন চকুৰ প্ৰচাৰতে প্ৰশাসনে এক্সভেটৰৰ সহায়ত ভাঙি চূৰমাৰ কৰাৰ বেদনাত উচুপি উঠে গৃহহাৰা বহু লোকে (Silsako beel eviction drive) ।

লগতে পঢ়ক: Eviction in Silsako Beel: শিলসাঁকোৰ ভূমি দখল সন্দৰ্ভত কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা !

উচ্ছেদিত বহুলোকে চৰকাৰৰ এনে অমানৱীয় উচ্ছেদক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । একাংশ উচ্ছেদিত লোকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে যে, চৰকাৰৰ যদি উচ্ছেদ কৰাৰ পৰিকল্পনা আগতেই আছিল তেন্তে চৰকাৰী ধনৰে ৰাস্তা-ঘাট, নলা-নৰ্দমা, নামঘৰ তথা মন্দিৰ নিৰ্মাণ, বিদ্যুৎ সংযোগ, হল্ডিং নম্বৰ আদি ব্যৱস্থা কৰি চৰকাৰী ধনৰ অপচয় কৰাৰ কাৰণ কি ? এইখন চৰকাৰৰ কাৰো প্ৰতি দয়া মমতা নাই বুলিও ক্ষোভ উজাৰে উচ্ছেদিতসকলে ৷ আনহাতে মুখ্যমন্ত্ৰীয়েও নিজৰ মন্তব্যত চৰকাৰৰ কাৰো প্ৰতি মৰম দেখুৱাব লগা নাই বুলি বুধবাৰে স্পষ্ট কৰি দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.