ETV Bharat / state

বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা - অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰক স্মৰণ কৰি আয়োজন কৰা হৈছে শিল্পী দিৱস । মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোঁৱৰণ কৰা হয় সুন্দৰৰ পূজাৰীগৰাকীক ।

গুৱাহাটী
শিল্পী দিৱস পালন
author img

By

Published : Jan 18, 2020, 12:01 AM IST

গুৱাহাটী,17 জানুৱাৰীঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰক স্মৰণ কৰি আয়োজন কৰা হৈছে শিল্পী দিৱস । মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোঁৱৰণ কৰা হয় সুন্দৰৰ পূজাৰীগৰাকীক । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰূপকোঁৱৰৰ সুন্দৰ সমাজ গঢ়াৰ যি স্বপ্ন আছিল তাৰ বিষয়ে বিৱৰণ দাঙি ধৰে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই । সম্প্ৰতি ৰাজ্যত এক ভুল বুজাবুজিৰ ফলত বিশৃংখল পৰিৱেশ চলি থকা বুলি উল্লেখ কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰিব লাগে বুলি কয় বিশিষ্ট সাংবাদিকগৰাকীয়ে ।

শিল্পী দিৱস পালন

অনুষ্ঠানত আয়োজক সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে । কিন্তু বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকলক সন্মানজনক ব্যৱহাৰ কৰিব লাগে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি দীপক দে ।

লগতে চাওকঃমন্ত্ৰীসভাত স্থান লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ

Intro:আজি 'সুন্দৰৰ পূজাৰী' ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী অৰ্থাৎ শিল্পী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰক স্মৰণ কৰি আয়োজন কৰা হৈছে শিল্পী দিৱস। মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোঁৱৰণ কৰা হয় সুন্দৰৰ পূজাৰীক। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰূপকোঁৱৰৰ সুন্দৰ সমাজ গঢ়াৰ যি স্বপ্ন আছিল তাৰ বিষয়ে বিৱৰণ কৰে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। তাৰোপৰি সম্প্ৰতি ৰাজ্যত এক ভুল বুজাবুজিৰ ফলত এক বিশৃংখল পৰিৱেশ চলি থকা বুলি উল্লেখ কৰি এই ভুল বুজাবুজি অতিশীঘ্ৰে সমাধান হ'ব বুলি কয় কা' বিশিষ্ট সাংবাদিকগৰাকীয়ে।ইফালে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সংগঠনটোৱে নিজৰ স্থিতি ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে। কিন্তু বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকলক মানবীয় দৃশ্যৰে চাব লাগে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি দীপক দে।

Byte 1- দীপক দে, সভাপতি(সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন)
Byte 2- কনকসেন ডেকা, বিশিষ্ট সাংবাদিক Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.