ETV Bharat / state

বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ

author img

By

Published : Apr 6, 2021, 6:04 PM IST

শ্বহীদ সন্দৰ্ভত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল লেখিকা শিখা শৰ্মা । লেখিকা শিখা শৰ্মাই ফেচবুক পোষ্টত উল্লেখ কৰিছিল যে, 'দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয় । তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ । ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম' ৷

'শ্বহীদ' সন্দৰ্ভত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল লেখিকা শিখা শৰ্মা

গুৱাহাটী,6 এপ্ৰিল: দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লেখিকা শিখা শৰ্মাক । দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ প্ৰসংগত শিখা শৰ্মাই বিৰ্তকিত মন্তব্য কৰিছিল আৰু ইয়াকে লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্নজনে শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল । জ‍ানিব পৰা মতে, কংকনা গোস্বামী আৰু উমি ডেকা বৰুৱা নামৰ দুগৰাকী অধিবক্তাই শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

সেই এজাহাৰৰ ভিত্তিতেই লেখিকা শিখা শৰ্মাক দিছপুৰ আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে । প্ৰথমে সোধ-পোছৰ বাবে দিছপুৰ থানালৈ অনা হৈছিল শিখা শৰ্মাক । উল্লেখ্য যে, সততে বিতৰ্কৰ সৃষ্টিৰে জন সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই অহা স্বল্পখ্যাত লেখিকা শিখা শৰ্মাই শেহতীয়াকৈ উদ্ধতালিৰ চৰম সীমা অতিক্ৰম কৰি দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদকো অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে ।

ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ২৪ গৰাকীকৈ চিআৰপিএফৰ কোব্ৰা জোৱানৰ মৃত্যুৱে দেশ তথা ৰাজ্যবাসীক শোকস্তব্ধ কৰাৰ সময়তে বিতৰ্কিত লেখিকা গৰাকীয়ে শ্বহীদক লৈ ফেচবুকত এটা অত্যন্ত বিতৰ্কিত পোষ্ট আপলোড কৰিছিল । ছত্তিশগড়ৰ মাওবাদী আক্ৰমণত অসমৰ দুগৰাকী সাহসী জোৱান ক্ৰমে বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাস শ্বহীদ হৈছিল ।

দুয়ো গৰাকী বীৰ শ্বহীদৰ নশ্বৰ দেহ ইতিমধ্যে অসমলৈ আনি সামৰিক মৰ্যাদাৰে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে । এনে সময়তে লেখিকা শিখা শৰ্মাই ফেচবুক পোষ্টত উল্লেখ কৰিছিল যে, 'দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয় । তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ । ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম ।'

বিতৰ্কিত লেখিকাগৰাকীৰ এই পোষ্টটোৰ পাছতে সৰ্বত্রে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বহুজনে শিখা শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল । অৱশেষত মঙলবাৰে দিছপুৰ আৰক্ষীয়ে শিখা শৰ্মাক গুৱাহাটীৰ ছয়মাইলস্থিত অদিতি এনক্লেভৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: মাহমৰাত বিজেপিৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.