গুৱাহাটী, 10 জানুৱাৰীঃ দুলীয়াজানৰ অসম আৰক্ষীৰ অধীক্ষকসকলৰ সন্মিলনত ভাগ লোৱাৰ পিছতেই এতিয়া ইজনৰ পিছত সিজনকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19ৰ সংক্ৰমণ (Many top police officers have been affected in Covid) ৷ প্ৰাপ্ত খবৰ অনুসৰি, সেই বৈঠকত ভাগ লোৱা ছখন জিলাৰ আৰক্ষী অধীক্ষক, এগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান আৰু এগৰাকী উপ-মহাপৰিদৰ্শক এই পৰ্যন্ত ক'ভিড-19ত আক্ৰান্ত হৈছে ৷
আৰক্ষীৰ অধীক্ষকৰ সন্মিলনত ভাগ লোৱা গোৱালপাৰা, বাক্সা, শদিয়া আৰু শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ লগতে আৰু দুগৰাকী আৰক্ষী অধীক্ষক ইতিমধ্যেই ক'ভিড-19 পজিটিভ বুলি ধৰা পৰিছে ৷ আনহাতে বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীও সম্প্ৰতি ক'ভিড-19ত আক্ৰান্ত হৈ হোম আইশ্ব'লেছনত আছে (Side effects of the SP conference in Duliajan) ৷
দুলীয়াজানৰ সন্মিলনত ভাগ লোৱা কেৱল শীৰ্ষ আৰক্ষী বিষয়া সকলেই যে ক'ভিড-19ত আক্ৰান্ত হৈছে তেনে নহয়, তলৰ পৰ্যায়ৰো বহুকেইগৰাকী বিষয়া আক্ৰান্ত হৈছে ক'ভিড-19 ত । ইয়াৰে কেইবাগৰাকীও বৰ্তমান চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক: Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা