ETV Bharat / state

SI কাণ্ড : দুগৰাকী উচ্চ পদস্থ বিষয়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰিপুন বৰাৰ

author img

By

Published : Oct 9, 2020, 8:48 PM IST

মানৱেন্দ্ৰ দেৱ ৰয় আৰু শেহতীয়াকৈ পদত্যাগ কৰা অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰক এছ.আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

ৰিপুন বৰা
ৰিপুন বৰা

গুৱাহাটী, ৯ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত পি.কে দত্ত আৰু দিবন ডেকা সম্প্ৰতি আৰক্ষীৰ জালত ৷ লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ আশা-আকাংক্ষা চূৰমাৰ কৰি চাকৰিৰ বজাৰ পতাৰ অভিযোগত দুয়োৰে সৈতে সম্প্ৰতি চিআইডিয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷ এই বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই নতুন নতুন তথ্য পোহৰলৈ অহাৰ সময়তে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক এছ.আই কেলেংকাৰীৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই ৷

SI কাণ্ড: দুগৰাকী উচ্চ পদস্থ বিষয়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰিপুন বৰাৰ

বৰাৰ দাবী অনুসৰি, যোৱা ১৬ চেপ্তেম্বৰত এছ.আই পৰীক্ষাৰ প্ৰশ্নকাকত সুৰক্ষিত স্থান হিচাপে গণ্য কৰি ৰখা হৈছিল মহানগৰীৰ কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়ান কেম্পত ৷ য’ত কামাণ্ডেণ্ট হিচাপে আছিল মানৱেন্দ্ৰ দেৱ ৰয় ৷ কিন্তু তাৰ দুদিনৰ পাচতেই অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুদিন আগতেই কিয় এইগৰাকী আৰক্ষী বিষয়াক হঠাতে হোজাইৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ল ? আৰক্ষী বিষয়াগৰাকীও এছ.আই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰিপুন বৰাই ৷

আনহাতে, অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে হঠাতে লোৱা পদত্যাগক লৈয়ো সন্দেহৰ আঙুলি টোৱাইছে বৰাই ৷ তেওঁৰ মতে, প্ৰদীপ কুমাৰকো আনিব লাহে তদন্তৰ আওতালৈ ৷ উল্লেখ্য যে, আৰক্ষী অধীক্ষক হিচাপে কাছাৰত কয়লা কেলেংকাৰী ৰোধৰ ক্ষেত্ৰত বিফল হোৱাৰ বাবে যোৱা ৮ জুলাইত মহানগৰীৰ কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়ানৰ কামাণ্ডেণ্ট হিচাপে শাস্তিমূলক বদলি কৰা হৈছিল আৰক্ষী বিষয়া মানবেন্দ্ৰ ৰয়ক ৷ ১৬ চেপ্তেম্বৰত এছ.আই পৰীক্ষাৰ প্ৰশ্নকাকত তেওঁৰ অধীনত আছিল, ১৮ চেপ্তেম্বৰত হঠাতে বদলীকৰণ আৰু ২০ চেপ্তেম্বৰত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগতে, অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে হঠাতে লোৱা পদত্যাগৰ সিদ্ধান্তক এতিয়া সহজভাৱে ল’ব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছে ।

লগতে পঢ়ক: SI কেলেংকাৰী: নলবাৰীত পুনৰ আটক এজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.