গুৱাহাটী,17 জুলাই: কৰ’ণাতংকই গ্ৰাস কৰিছে ৰাজ্যৰ আৰক্ষীসকলক ৷ পুনৰ পোহৰলৈ আহিছে মহানগৰীৰ এগৰাকী আৰক্ষী বিষয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য ৷ সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদর্শক হিচাপে কৰ্মৰত দ্বীপজ্যোতি ইংতিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ লগতে বিষয়াগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে কোভিড 19 ত ৷ আক্ৰান্ত দম্পতীক ইতিমধ্যে চিকিৎসাজনিত কাৰণত ভৰ্তি কৰোৱা হৈছে সোণাপুৰৰ কোভিড চিকিৎসালয়ত ৷
উল্লেখ্য যে,বিগত কিছুদিনৰ পৰা জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছিল আৰক্ষী বিষয়াগৰাকী । পৰৱৰ্তী সময়ত স্বাৱ পৰীক্ষা কৰাত বিষয়াগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
লগতে চাওকঃ অট্টালিকা খহি মৃত্যু 5 গৰাকীৰ