ETV Bharat / state

ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

CIDৰ চকুত ধূলি দি নিশাৰ ভিতৰতে অন্তৰ্ধান সঞ্জিত কৃষ্ণ। গুৱাহাটীৰ বাসগৃহত সঞ্জিত কৃষ্ণক বিচাৰি CIDৰ অভিযান। প্ৰহৰী অবিহনেই CIDৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল SI পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত সঞ্জিত কৃষ্ণক।

CIDৰ চকুত ধূলি দি নিশাৰ ভিতৰতে অন্তৰ্ধান সঞ্জিত কৃষ্ণ

author img

By

Published : Oct 15, 2020, 1:51 PM IST

Updated : Oct 15, 2020, 2:03 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ। যোৱা ১২ অক্টোবৰৰ পৰা আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয় আৰু CIDৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল। হঠাতে নিশাৰ ভিতৰতে অন্তৰ্ধান হ'ল সঞ্জিত কৃষ্ণ। উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীৰ কৰিমগঞ্জৰ বাসভৱনৰ পৰা ফাদিল হোৱা সন্দৰ্ভত বিভিন্ন উত্সৰ পৰা প্ৰমাণ লাভ কৰাৰ পিছতে আশ্চৰ্যজনক ভাৱে সন্ধানহীন হোৱাৰ কথা পোহৰলৈ আহিছে।

সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ পিছতো দুদিন জেৰা কৰাৰ পিছত তেওঁক নিশা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ পিছৰে পৰা সন্ধান নাই সঞ্জিত কৃষ্ণৰ। তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ প্ৰহৰীৰো ব্যৱস্থা কৰা নাছিল আৰক্ষীয়ে। কেৱল এয়াই নহয়, গৃহবন্দীও কৰা হোৱা নাছিল। আৰক্ষীয়ে উমানেই নাপালে সঞ্জিত কৃষ্ণ ক'লৈ গ'ল। তৃতীয় দিনা সাক্ষ্য দিবলৈ CIDৰ কাৰ্যালয়লৈ নহাত অন্তৰ্ধান হোৱাৰ কথা পোহৰলৈ আহে। ইয়াৰ পিছতে অভিযুক্ত আৰক্ষী অধীক্ষকগৰাকীৰ গুৱাহাটীৰ কাছাৰীবস্তিস্থিত বাসগৃহত তালাচী অভিযান চলোৱা হয়। সমগ্ৰ ঘটনাই CIDৰ তদন্তৰ ক্ষেত্ৰতো সন্দেহৰ অৱকাশ থকাৰ ইংগিত বহন কৰিছে।

একাংশ প্ৰভাৱশালী নেতাৰ মুখা খোল খোৱাৰ শংকাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলংকাৰীৰ তদন্তত নিতৌ উন্মোচিত হৈছে ন ন তথ্য। কেলেংকাৰীৰ খলনায়ক পি কে দত্তৰ অন্যতম বিশ্বাসী দালাল জয়দেৱ বৰুৱাৰ গুৱাহাটীৰ নিজৰাপাৰস্থিত ঘৰৰ পৰাও CIDয়ে উদ্ধাৰ কৰে ২৪,৮৮লাখ টকা। আলমাৰি ভাঙি ধনখিনি উদ্ধাৰ কৰে তদন্তকাৰী সংস্থাটোৱে। জয়দেৱ বৰুৱাৰ চিৰাং, বৰপেটা, অভয়াপুৰী, বঙাইগাঁৱত থকা আত্মীয়ৰ ঘৰৰ পৰা ইতিমধ্যে বহু কোটি টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: SI কেলেংকাৰীত মই জড়িত হলে শাস্তি পামঃ ফণীভূষণ চৌধুৰী

Last Updated : Oct 15, 2020, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.