ETV Bharat / state

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ উৎস কৰিমগঞ্জ - সঞ্জিত কৃষ্ণ

সঞ্জিত কৃষ্ণৰ কৰিমগঞ্জৰ ঘৰৰ পৰাই ফাদিল হৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত । CIDৰ অভিযানত বিস্ফোৰক তথ্য প্ৰকাশ। মহানগৰীৰ হাস্পতালত চিকিৎসাধীন অক্ষয় চান্দ বৈদ।

সঞ্জিত কৃষ্ণৰ কৰিমগঞ্জৰ ঘৰৰ পৰাই ফাদিল হৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত

author img

By

Published : Oct 14, 2020, 1:43 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বিতৰ্কিত পৰীক্ষাৰ কেলংকাৰীৰ আৰম্ভণি হৈছিল কৰিমগঞ্জৰ পৰা। CIDয়ে কৰিমগঞ্জত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চলোৱা অভিযানত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত থকা বাকচ গাড়ীৰ পৰা নমোৱাৰ সময়ত সেই স্থানত উপস্থিত আছিল ৰুবুল হাজৰিকা। তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই এখন প্ৰশ্নকাকত ৰুবুল হাজৰিকাৰ হাতত দিছিল আৰু ৰুবুলে ফটো তুলি হোৱাটছএপত পি কে দত্ত বাহিনীলৈ প্ৰেৰণ কৰে।

এই প্ৰশ্নকাকত লাভ কৰাৰ পিছত ১৯ ছেপ্টেম্বৰত গুৱাহাটীত আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এতিয়াও সঞ্জিত কৃষ্ণৰ জেলা অব্যাহত ৰাখিছে CIDয়ে। তদন্তত পোহৰলৈ আহিছে ক'লা অধ্যায়ৰ ন ন তথ্য। শেহতীয়াকৈ সম্ভেদ ওলাইছে অক্ষয় টেলিকমিউনিকেশ্বনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ ওৰফে আখিয়া চান্দ। মহানগৰীৰ মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে। সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰাৰ পিছতে চিকিত্সালয় কৰ্তৃপক্ষৰে CIDয়ে যোগাযোগ কৰে আৰু এখন পত্ৰ প্ৰেৰণ কৰে।

সোমবাৰৰ পৰা চিকিৎসাধীন হৈ থকা অক্ষয় চান্দ সুস্থ হৈ উঠিলেই তদন্তকাৰী আৰক্ষীক খবৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, আৰক্ষী উপ-পৰিদৰ্শকৰ ৫৯৭টা পদৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল অক্ষয় টেলিকমিউনিকেশ্বনে।

লগতে পঢ়ক:মহানগৰীত কিশোৰী ধৰ্ষণ : আৰক্ষীৰ জালত অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.