গুৱাহাটী, 18 ফেব্ৰুৱাৰী: বিজেপিক ভেটিবলৈ মূলতঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে গঠন কৰা মহাজোঁটত কেনা লাগিছে । 'কা' ক কেন্দ্ৰ কৰি অথন্তৰৰ সৃষ্টি হৈছে মহাজোঁটত । যাৰ ফলত এতিয়া মহাজোঁটত দুই প্ৰধান অংশীদাৰ কংগ্ৰেছ আৰু এ আই ইউ এফে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিবলৈও আৰম্ভ কৰা পৰিলক্ষিত হৈছে । পৰিস্থিতি যদি এনে হৈ থাকে তেন্তে আৰু মাত্ৰ ডেৰ-দুটা মাহৰ পিছত অনুষ্ঠিত হ'ব লগীয়া বিধানসভাৰ নিৰ্বাচনলৈকে এই মহাজোঁট থাকিবগৈনে নাথাকিব তাকে লৈও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।
কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে 'কা' সমৰ্থন কৰা বিষয়টোত জাঙুৰ খাই উঠি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সুস্মিতা দেৱক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল । কিয়নো, 'কা' বিৰোধিতাৰ বিষয়টোকেই মূল বিষয় হিচাপে লৈ মহাজোঁট গঠন কৰিছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে । তেনেক্ষেত্ৰত মহাজোঁট অংশীদাৰ হৈও কেনেকৈ সুস্মিতা দেৱে এনে মন্তব্য কৰিব পাৰিলে তাকে লৈও প্ৰশ্ন উত্থাপন হৈছে ।
ইফালে ৰাজহুৱাকৈ মহাজোঁটৰ এটা অন্যতম অংশীদাৰ দল কংগ্ৰেছৰ ভিতৰুৱা কথাত মাত মাতি এতিয়া নিজৰ দলতেই বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম । ইতিমধ্যে এই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ আমিনুল ইছলামক এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছে । তেওঁলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । সাত দিনৰ ভিতৰত তেওঁক এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে । গতিকে নিজৰ মাজতেই উদ্ভৱ হোৱা এনে খিয়লা খিয়লিত নিৰ্বাচন পৰ্যন্ত মহাজোঁট তিষ্ঠি থাকিব নে নাই তাকে লৈ এতিয়া প্ৰশ্ন উঠিছে ।
লগতে পঢ়ক:হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক