গুৱাহাটী, 19 নৱেম্বৰ: মহানগৰীৰ লাচিত ঘাটত শিৱলিংগ উদ্ধাৰ ৷ বৃহস্পতিবাৰে ৰাতিপুৱা মহানগৰীৰ লাচিত ঘাটত শিৱ লিংগটো উদ্ধাৰ হয় ৷ জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ পাৰত চাফ চিকুণৰ কাম কৰি থাকোতে পৌৰ নিগমৰ কৰ্মচাৰীয়ে লিংগটো প্ৰত্যক্ষ কৰে ৷ জিলা প্ৰশাসন তথা আৰক্ষীক এই বিষয়ে খবৰ দিয়াৰ পাছতে ভৰলুমুখ আৰক্ষী উপস্থিত হৈ পৌৰ নিগমৰ কৰ্মচাৰীৰ সহযোগত লিংগটো উদ্ধাৰ কৰে ৷
বৰ্তমান প্ৰশাসনে এক পৱিত্ৰ স্থানত উদ্ধাৰ হোৱা শিৱ লিংগটো স্থাপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ পৰা লিংগটো উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে লাচিত ঘাটত সহস্ৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷ উৎসুক লোকসকলে শিৱ লিংগটো প্ৰত্যক্ষ কৰাৰ লগতে আশীষ গ্ৰহণ কৰে ৷
লগতে পঢ়ক: নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী