গুৱাহাটী, ১ মে': ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে আৰম্ভ কৰা শিক্ষাসেতু প্ৰকল্পটো ৰূপায়ণ সৃষ্টি হৈছে বাধা । এই বাধা প্ৰযুক্তিৰ বিসংগতিৰ বাবে হোৱা নাই । এই বাধা আহিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসমাজৰ পৰা । উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ সামগ্ৰিক তথ্য (প্ৰ'ফাইল) আপলোড কৰাৰ বাবে ‘শিক্ষাসেতু’ প'ৰ্টেল মুকলি কৰিছে (Shiksha Setu Portal in Assam)।
তাত সকলো তথ্য আপলোড কৰাৰ বাবে শিক্ষকসকলক আহ্বান জনাইছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে । কিন্তু প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে অহা ২ মে’ৰ পৰা অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষাসেতুৰ কাম-কাজত সহযোগ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে (Assam State Primary Teachers Association) ।
ইতিমধ্যে যোৱা দেওবাৰে চানমাৰিৰ শিক্ষক ভৱনত অনুষ্ঠিত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহকৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে (ASPTA opposed Shiksha Setu Portal Upload)। এই সভাত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে বিদ্যালয়সমূহৰ স্থায়ী প্রধান শিক্ষক নিযুক্তি নিদিলে অহা ২ মে'ৰ পৰা শিক্ষাসেতুৰ কাম-কাজত সহযোগ নকৰাৰ লগতে অহা ২২ মে'ৰ পৰা বিদ্যালয়সমূহে এই কামৰ বাবে প্ৰদান কৰা ‘টেবলেট’ চৰকাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে ।
উল্লেখযোগ্য যে, ৰাজ্যত প্ৰায় ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয় আছে । এই বিদ্যালয়সমূহৰ স্থায়ী প্রধান শিক্ষকৰ নিযুক্তি দিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে । সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাই ৰাজ্যত গুণগত শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা ‘শিক্ষাসেতু’ক সন্মিলনীয়ে আদৰণি জনাইছে যদিও বিদ্যালয়ৰ স্থায়ী প্রধান শিক্ষকৰ পদত নিযুক্তি নিদিলে অহা ২ মে'ৰপৰা ‘শিক্ষাসেতু’ৰ কামত কোনো শিক্ষকে সহযোগ নকৰে আৰু ২২ মে'ৰপৰা ‘টেবলেট’সমূহ চৰকাৰক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ'ব; কিয়নো ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও বিদ্যালয়সমূহৰ স্থায়ী প্রধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই ।
প্রধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ নিৰ্দেশ কার্যকৰী কৰিবলৈ সন্মিলনীয়ে চৰকাৰক ২১ মে' সময়সীমা নিৰ্দ্ধাৰণ কৰি দিছে । অন্যথা ২২ মে'ৰ পৰা 'টেবলেট' সমূহ ঘুৰাই দিয়া আৰম্ভ কৰা হ’ব ৷ গোস্বামীয়ে পুনৰ কয় যে প্রধান শিক্ষকৰ পদত নিযুক্তিৰ বিষয়টো ১৯৮২ চনৰপৰাই কেৱল আশ্বাস দিয়েই চলি আছে । ২০২০ চনত প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো আর্থিক সকাহ দি প্রধান শিক্ষকৰূপে পুনৰ নামকৰণৰ সিদ্ধান্ত লৈ ইয়াৰ অনুমোদনৰ বাবে বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ল যদিও এই প্ৰস্তাৱ আজিলৈকে কার্যকৰী হোৱা নাই । তেওঁ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কার্যকৰী কৰাৰ বাবে শিক্ষকসকলক অতিৰিক্তকৈ অংগনৱাড়ী কেন্দ্ৰ নিৰীক্ষণৰো দায়িত্ব দিয়া হৈছে । এই দায়িত্বৰ পৰা শিক্ষকসকলক অব্যাহতি দিবলৈকো সভাই দাবী জনায় । কিয়নো এজন বা দুজন শিক্ষক থকা বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয়ত ছটাকৈ শ্ৰেণীত পাঠদান কৰি অতিৰিক্তকৈ অংগনৱাড়ী কেন্দ্ৰৰো দায়িত্ব ল'বলগীয়া হ'লে নিয়মীয়া পাঠদানত প্ৰভাৱ পৰিব ।
লগতে পঢ়ক:Rangia child missing : বৰলীয়া নৈত ডুব গ’ল নেকি মুস্তাকিন আলী ?