গুৱাহাটী,২৬ ছেপ্টেম্বৰ: ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পাছতে কেতবোৰ দিশ উন্মোচিত হৈছে । চৰকাৰী শিক্ষানুষ্ঠানসমূহত বহুসংখ্যক ভুৱা শিক্ষাৰ্থী থকাৰ অভিযোগ নতুন নহয় যদিও শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা 'শিক্ষাসেতু' এপৰ পাছতে তথ্যভিত্তিত এই অভিযোগৰ সত্যতা প্ৰমাণিত হৈছে ।
উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোক তথ্যভিত্তিত শৃংখলাবদ্ধ কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে শিক্ষা সেতু এপ । এই এপটো কাৰ্যকৰী হোৱাৰ পাছতে বহু বিস্ফোৰক বিষয় উন্মোচিত হৈছে ।
শিক্ষা সেতু এপৰ যোগেদি লাভ কৰা তথ্য মতে অসমৰ চৰকাৰী বিদ্যালয়সমূহত ৫.৭২ লাখ অস্তিত্বহীন শিক্ষাৰ্থী আছে । কাগজে-পত্রে শিক্ষাৰ্থীৰ এই সংখ্যা আছে যদিও বাস্তৱত নাই । এই অস্তিত্বহীন তথা ভুৱা শিক্ষাৰ্থীৰ নামত এটা চক্রই ইমানদিনে কোটি কোটি টকাৰ লুণ্ঠন চলাই আহিছিল ।
শিক্ষা সেতু এপ প্ৰৱৰ্তন নকৰা হ'লে ভুৱা শিক্ষাৰ্থীৰ নামত চলা এই লুণ্ঠন অব্যাহত থাকিলহেঁতেন । কিন্তু শিক্ষা বিভাগে আৰম্ভ কৰা শিক্ষা সেতু এপে উন্মোচন কৰিলে শিক্ষাৰ নামত দীৰ্ঘদিনে চলি অহা লুণ্ঠনৰ বিশাল কাৰবাৰ ।
উল্লেখ্য যে শিক্ষা সেতু এপৰ তথ্য সামাজিক মাধ্যমযোগে খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও ৰাজহুৱা কৰিছে । লক্ষণীয় বিষয় যে ৰাজহুৱা শিক্ষা খণ্ডৰ বাবে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে ৰাজকোষৰ বুজন পৰিমাণৰ পুঁজি ব্যয় কৰে ।
আনহাতে শিক্ষাৰ লগত জড়িত লোকসকলক সকলোৱে শ্ৰদ্ধা আৰু সন্মান কৰে । বিশেষকৈ শিক্ষকতাৰ বৃত্তিটোক পবিত্র জ্ঞান কৰা হয় । সমাজ এখনৰ মেৰুদণ্ড স্বৰূপ শিক্ষা ব্যৱস্থা আৰু ইয়াৰ লগত জড়িত শিক্ষকসকল ।
কিন্তু এনে এক পবিত্র সামাজিক দৃষ্টিভংগী থকাৰ পাছতো এই বিভাগটোৰে একাংশই এনেদৰে দুষ্কাৰ্য সংঘটিত কৰি আহিছে । কাগজে পত্ৰই ৫ লক্ষাধিক শিক্ষাৰ্থীৰ মিছাকৈ নামভৰ্তি কৰা দেখুৱাই প্রতিমাহে কোটি কোটি টকাৰ লুণ্ঠন চলাই আহিছে ।
তথ্য মতে অসমৰ ৩৩খন জিলাৰ বিভিন্ন বিদ্যালয়ত কাগজে পত্রেই ৪৮,৯৮,১০১ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি কৰা হৈছে । কিন্তু শিক্ষা সেতু এপৰ তথ্যই আন এক সংখ্যা দেখুৱাইছে ।
শিক্ষা সেতু এপত আপলোড কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ২২ ছেপ্টেম্বৰলৈকে প্ৰকৃতাৰ্থত ৪৩,২৫,৫৭৪ গৰাকী শিক্ষাৰ্থীৰহে প্ৰকৃতাৰ্থত নামভৰ্তি হৈছে । সেই অনুসৰি বিদ্যালয়সমূহত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী আৰু কাগজে-পত্রই দেখুওৱা ছাত্র-ছাত্ৰীৰ প্ৰাৰ্থক্য ৫,৭২,৫২৭ গৰাকী ।
প্ৰকৃততে নথকা আৰু কাগজে পত্রই থকা এই বৃহৎ সংখ্যক ভুৱা শিক্ষাৰ্থীৰ যোগেদি চলাই থকা হৈছিল লুণ্ঠন । উল্লেখ্য যে প্রত্যেকজন শিক্ষাৰ্থীক মধ্যাহ্ন ভোজনৰ বাবে দৈনিক দিয়া হয় ৫.৪৫ টকা । সেই হিচাপত এদিনত ভুৱা শিক্ষাৰ্থীৰ নামত ব্যয় হয় ৩১ লাখৰো অধিক টকা ।
অৰ্থাৎ মাহত ৯ কোটিৰো অধিক টকা ব্যয় হয় । ইমানদিন এনেকৈয়ে ৯ কোটি টকা কেৱল মধ্যাহ্ন ভোজনৰ নামতে কোনোবাই লুণ্ঠন চলাই আহিছিল ।
আনহাতে পাঠ্যপুথি, ইউনিফর্ম আদি ধৰিলে লুণ্ঠনৰ এই পৰিমাণটো বহু বেছি হ'ব । সকলোৰে বাবে শিক্ষাৰ নামত এনেদৰে চৰকাৰী শিক্ষানুষ্ঠানৰ কণ কণ শিক্ষাৰ্থীৰ নামত বছৰ বছৰ ধৰি এনেদৰেই শিক্ষা বিভাগত কোটি কোটি টকাৰ লুণ্ঠন চলি আছিল ।
শিক্ষাসেতু এপৰ যোগেদি উন্মোচিত হোৱা এই তথ্য অনুসৰি ধুবুৰী জিলাত সৰ্বাধিক ৬০,১৮৮ গৰাকী ভুৱা শিক্ষাৰ্থী আছে ।
সেইদৰে বৰপেটা জিলাত ৪৩,৮৯১ গৰাকী, নগাঁও জিলাত ৩১,৯৬২ গৰাকী, কৰিমগঞ্জ জিলাত ৩১,৭৮১ গৰাকী, কাছাৰ জিলাত ৩৯,৪৮২ গৰাকী, গোৱালপাৰা জিলাত ২১৬১০ গৰাকী, লখিমপুৰ জিলাত ২৬১৬৭ গৰাকী, মৰিগাঁও জিলাত ২০১০০ গৰাকী, কামৰূপ মহানগৰ জিলাত ১৮৯৭৫ গৰাকী, শোণিতপুৰ জিলাত ২১৫৬৯ গৰাকী আৰু কামৰূপ গ্রাম্য জিলাত ৩০৯৩৫ গৰাকী শিক্ষাৰ্থীৰ অস্তিত্ব নাই শিক্ষা সেতু এপত ।
উল্লেখ্য যে ভুৱা শিক্ষাৰ্থীৰ নামত এনেদৰে লুণ্ঠন চলাই অহা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক: Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !