ETV Bharat / state

খেল' ইণ্ডিয়াত জিলিকি উঠিছে অসমৰ জলপৰী শিবাংগী

কঠোৰ পৰিশ্ৰমী শিবাংগী আগন্তুক প্ৰতিযোগিতাসমূহতো জিলিকি উঠিব। এয়া মাত্ৰ আৰম্ভণিহে বুলি ক'লে প্ৰশিক্ষকগৰাকীয়ে।

সোণৰ পদকেৰে জিলিকিল শিবাংগী
সোণৰ পদকেৰে জিলিকিল শিবাংগী
author img

By

Published : Jan 22, 2020, 7:46 AM IST

গুৱাহাটী, 21 জানুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া আশ্বাসক সফলভাৱে ৰূপায়ণ কৰি আনন্দিত শিবাংগী শৰ্মা। তৃতীয় সংখ্যক খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ সাঁতোৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল অসমৰ সোণালী জলপৰী অৰ্থাৎ শিবাংগী শৰ্মাই। সাতোৰৰ ৮০০ মি, ৪০০, ২০০, ১০০, মিটাৰ আৰু ৫০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে। পাঁচটাকৈ সোণ আৰু দুটা ৰূপৰ পদকৰে এক ইতিহাস ৰচনা কৰিলে শিবাংগীয়ে। সোণৰ পাছত সোণ লাভ কৰি উৎফুল্লিত শিবাংগী তথা তেওঁৰ প্ৰশিক্ষক আৰু পৰিয়াল।

সোণৰ পদকেৰে জিলিকিল শিবাংগী

আনহাতে,ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে শিবাংগীয়ে। খেল' ইণ্ডিয়াৰ পাছত আগন্তুক এছিয়ান গেছমত সুনাম কঢ়িয়াই অনাৰ লক্ষ্য সোণালী জলকন্যাই। শিবাংগীৰ এই স্বৰ্ণ জয় অসমৰ এক বৃহৎ সাফল্য বুলি উল্লেখ কৰে প্ৰশিক্ষক পাৰ্থ প্ৰতীম মজুমদাৰে। কঠোৰ পৰিশ্ৰমী শিবাংগী আগন্তুক প্ৰতিযোগিতাসমূহতো জিলিকি উঠিব। এয়া মাত্ৰ আৰম্ভণিহে বুলি ক'লে প্ৰশিক্ষকগৰাকীয়ে। অসমৰ সোণালী জলপৰী শিবাংগী শৰ্মালৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা।

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল

Intro:খেল' ইণ্ডিয়াত জিলিকি উঠিছে অসমৰ জলপৰী। মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক দিয়া আশ্বাস সফল ৰূপায়ন কৰি অনিন্দিত শিবাংগী শৰ্মা। তৃতীয় সংখ্যক খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ সাতোৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল অসমৰ সোণালী জলপৰী অৰ্থাৎ শিবাংগী শৰ্মা। সাতোৰৰ ৮০০ মি, ৪০০, ২০০, ১০০, মিটাৰ আৰু ৫০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে। পাঁচটাকৈ সোণ আৰু দুটা ৰূপৰ পদকৰে এক ইতিহাস ৰচনা কৰিলে শিবাংগীয়ে। সোণৰ পিছত সোণ লাভ কৰি উৎফুল্লিত শিবাংগী তথা তেওঁৰ প্ৰশিক্ষক আৰু পৰিয়াল। ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে শিবাংগীয়ে। খেল' ইণ্ডিয়াৰ পিছত আগন্তুক এছিয়ান গেছমত সুনাম কঢ়িয়াই অনাৰ লক্ষ্য সোণালী জলকন্যাই।শিবাংগীৰ এই স্বৰ্ণ জয় অসমৰ এক বৃহৎ সাফল্য বুলি উল্লেখ কৰে প্ৰশিক্ষক পাৰ্থ প্ৰতীম মজুমদাৰে। কঠোৰ পৰিশ্ৰমী শিবাংগী আগন্তুক প্ৰতিযোগিতাসমূহতো জিলিকি উঠিব। এয়া মাত্ৰ আৰম্ভণিহে বুলি ক'লে প্ৰশিক্ষকগৰাকীয়ে। অসমৰ সোণালী জলপৰী শিবাংগী শৰ্মালৈ ইটিভি ভাৰতৰ ফালৰ পৰাও থাকিল অলেখ শুভকামনা। নিজৰ লক্ষ্যত আগুৱাই যাওক আৰু অসমলৈ এনেদৰে সুনাম কঢ়িয়াই আনক।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.