গুৱাহাটী, 15 অক্টোবৰ : অহা 17 অক্টোবৰত অনুষ্ঠিত হ’ব লগা নিখিল ভাৰত কংগ্ৰেছ কমিটী (AICC)ৰ সভাপতি নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছত চলিছে ব্যাপক তৎপৰতা । এসপ্তাহ পূৰ্বে AICC ৰ সভাপতি পদৰ প্ৰার্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মল্লিকার্জুন খাৰ্গেই গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছত মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লোকসভাৰ সাংসদ শশী থাৰুৰ শনিবাৰে গুৱাহাটীত উপস্থিত হয় (Shashi Tharoor in Guwahati) ।
দলৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে এখন বিশেষ বিমানেৰে শনিবাৰে বিয়লি 5 বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । সন্ধিয়া 6 বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পিছত 7 বজাত সংবাদ মাধ্যমক প্ৰাৰ্থীগৰাকীয়ে সম্বোধন কৰে (Shashi Tharoor press conference in Guwahati) ।
উক্ত সংবাদমেলত তেওঁ কয়, ‘‘আগত 2024 চনৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ AICC ৰ সভাপতি পদত অৱতীৰ্ণ হৈছো । মোৰ লক্ষ্য এক পৰিৱৰ্তনকামী চিন্তাৰে কংগ্ৰেছ দলক শক্তিশালী কৰা’’ । তেওঁ লগতে কয়, ‘‘মই বিজয়ী হ’লে কংগ্ৰেছৰ সংগঠনৰ কাম বিকেন্দ্ৰীকৰণ কৰা হ’ব । যুৱকসকলক অধিক গুৰুত্ব দিয়া হ’ব । নিৰ্বাচনৰ পূৰ্বে তিনিমাহ আগতে প্ৰাৰ্থী বচনি কৰা হ’ব ’’।
শশী থাৰুৰে কয় যে যোৱা নিৰ্বাচনত বিজেপিয়ে 37 শতাংশ ভোট লাভ কৰিছিল । তেওঁ AICC ৰ সভাপতি হ’লে এইবাৰ এক নিৰ্দিষ্ট কৰ্মসূচী তৈয়াৰ কৰি বিৰোধী দলবোৰৰ লগত এক গোট কৰি কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰিব ।
শনিবাৰে উক্ত সংবাদমেলত গুৱাহাটীত শশী থাৰুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ (Shashi Tharoor election campaign in Guwahati) চলোৱাৰ দায়িত্বত থকা প্ৰদ্যুৎ বৰদলৈয়ো উপস্থিত আছিল । উল্লেখ্য যে, আগন্তুক 17 অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব আৰু 19 অক্টোবৰত ভোট গণনা হ’ব ।
লগতে পঢ়ক : Election committee: ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ কমিটিত স্থান নাপালে বহুকেইজন পুৰণি নেতাই
সমগ্ৰ দেশতে 9 হাজাৰৰো অধিক ভোটাৰে ভোটদান কৰিব আৰু অসমত ভোটাৰৰ সংখ্যা হ’ল 289 জন । আগন্তুক 17 অক্টোবৰত সকলো নিৰ্বাচনী বিধি মানি গুৱাহাটীত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । উল্লেখযোগ্য যে, যোৱা 2000 চনত কংগ্ৰেছৰ অন্তিমটো সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
সেইবাৰ ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ প্ৰসাদক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সভাপতি হিচাবে নিৰ্বাচিত হৈছিল । সেই নিৰ্বাচনত ছোনিয়া গান্ধীয়ে মুঠ 97 শতাংশ ভোট লাভ কৰিছিল । তাৰ সুদীর্ঘ 22 বছৰ পাচত এইবাৰ পুনৰ কংগ্ৰেছৰ সভাপতি পদৰ বাবে অহা 17 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত ।
কংগ্ৰেছৰ ইতিহাসত একমাত্ৰ ছোনিয়া গান্ধীয়ে হ’ল দীঘলীয়া সময়ৰ বাবে সভাপতিৰ আসন অলংকৃত কৰা নেত্ৰী । ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাচত কংগ্ৰেছ দলে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব ল’বলৈ অনুৰোধ কৰিছিল যদিও সেই সময়ত তেওঁ দলৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল ।
1997 চনত ছোনিয়া গান্ধীয়ে ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত লয় আৰু 1998 চনত তেওঁ দলৰ সভানেত্ৰী মনোনীত হয় । তেতিয়াৰে পৰা একেৰাহে তেওঁ 2017 চনলৈ দলটোৰ সভাপতি হৈ থাকে । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰাৰ পাচত দলে তেওঁৰ স্থানত ৰাহুল গান্ধীক দলৰ সভাপতি মনোনীত কৰে 2017 চনত ।
2019 চনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি 2019 চনত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰাত দলে পুনৰ ছোনিয়া গান্ধীকেই দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব দি দলীয় নিৰ্বাচন অনুষ্ঠিত কৰে আৰু সেই মৰ্মে অহা 17 অক্টোবৰত দলটোৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : Law Ministers Conference at Gujrat:আইন মন্ত্ৰীৰ সন্মিলনত ৰণজিৎ কুমাৰ দাস