ETV Bharat / state

Newsclick controversy: সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত নির্লজ্জ আক্রমণ চলিছে বিজেপি চৰকাৰৰ: অজিত কুমাৰ ভূঞা - Newsclick controversy Delhi

'নিউজক্লিক'ৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে চলোৱা আক্ৰমণক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰত বিশ্বাসী সকলো লোকেই নিউজক্লিকৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰা উচিত বুলি উল্লেখ সাংসদগৰাকীৰ ।

Shameless attack of BJP on the media
Newsclick controversy
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:34 PM IST

নিউজক্লিক বিতৰ্ক সন্দৰ্ভত অজিত কুমাৰ ভূঞাৰ মন্তব্য

গুৱাহাটী, ৬ অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনত পৰাজয় বৰণৰ ভয়ত বিজেপি চৰকাৰে কোনো ধৰণৰ সমালোচনা সহ্য কৰিব পৰা নাই । যাৰ বাবেই স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানক ভিত্তিহীনভাৱে হাৰাশান্তি কৰা কৰিছে । এই মন্তব্য অসম নাগৰিক সমাজৰ সভাপতি, ভাৰত জোড়ো অভিযানৰ পৃষ্ঠপোষক, ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট স‍াংবাদিক অজিত কুমাৰ ভূঞাৰ ।

শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই ডিজিটেল মিডিয়া 'নিউজক্লিক'ৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে চলোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘আমি অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা ডিজিটেল সংবাদ মঞ্চ নিউজক্লিকৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে নমাই অনা আক্ৰমণক তীব্ৰ ভাষাত গৰিহণা দিছোঁ ।’’

ইয়াৰ লগতে ভাৰতৰ সাধাৰণ মানুহৰ স্বাৰ্থত নিৰ্ভীক আৰু তথ্যনিষ্ঠ বাতৰি, প্ৰবন্ধ আদি প্ৰকাশ কৰা আৰু বিশ্লেষণ, আলোচনা আদি প্ৰচাৰ কৰা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে সাংসদগৰাকীয়ে । তেওঁ অতি শীঘ্ৰে নিউজক্লিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংবাদ সংস্থাটোৰ প্ৰশাসনিক বিষয়া অমিত চক্ৰৱর্তীক মুকলি কৰি দিয়াৰ বাবে দাবী জনায় ।

কোনো সাক্ষ্য-প্ৰমাণ নোহোৱাকৈ, যথাবিধি প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ কেৱল 'দ্য নিউয়ৰ্ক টাইমচ'ত প্ৰকাশিত প্ৰবন্ধ এটাক সাৰথি কৰি সংবাদ সংস্থাটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সাংবাদিক, কৰ্মচাৰী আৰু শিক্ষাসদী লোকসকলৰ ঘৰত পুলিচে ঘন্টাৰ পিছত ঘন্টা তালাচী চলাই হাৰাশাস্তি কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে সাংসদ ভূঞাই ৷

কি আইনৰ ভিত্তিত পুলিচে এনে ব্যৱস্থা লৈছে বুলি প্ৰশ্ন কৰি তেওঁ প্ৰশ্ন কৰে যে এইটো আইনী শাসনৰ সম্পূৰ্ণ উলংঘন নহয়নে ?

চৰকাৰৰ পক্ষপাতমূলক আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে নিউজক্লিকৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত সংবাদ সংস্থাটোৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিটো অতি তাৎপর্যপূর্ণ । তাত উল্লেখ কৰা হৈছে যে দুবছৰতকৈ বেছি হ'ল, প্ৰৱৰ্তক সঞ্চালকালয়ে এতিয়ালৈকে নিউজক্লিক অবৈধ ধন সৰবৰাহত লিপ্ত থকাৰ কোনো অভিযোগ উত্থাপন কৰিব পৰা নাই । ভাৰতীয় দণ্ডবিধিৰ অধীনত নিউজক্লিক কোনো অপৰাধত যুক্ত বুলি দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাই এতিয়ালৈকে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল কৰা নাই ।

লগতে পঢ়ক: Flood in Guwahati City: উৰণ সেতু নিৰ্মাণেৰে উন্নয়ন নহয়; মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ অজিত ভূঞাৰ

বিবৃতিটোত আৰু কোৱা হৈছে যে নিউজক্লিকৰ বিৰুদ্ধে আয়কৰ বিভাগে লোৱা ব্যৱস্থাৰ যুক্তিযুক্ততা এতিয়াও আদালতত প্ৰতিপন্ন কৰিব পৰা নাই । বিগত কেইবামাহো এই সংস্থাবোৰৰ কোনোটোৱেই প্ৰবীৰ পুৰকায়স্থক সোধপোচ কৰিবলৈও মতা নাই । নিউজক্লিকৰ সকলো তথ্য-পাতি, নথি-পত্ৰ চৰকাৰৰ হাতত মজুত থকাৰ পিচতো এতিয়ালৈকে চৰকাৰে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ কৰিব পৰা নাই ।

একমাত্ৰ 'দ্য নিউয়ৰ্ক টাইমচ'ত প্ৰকাশিত ভুৱা প্ৰবন্ধ এটাৰ দোহাই দি কুখ্যাত UAPA আইনৰ অধীনত নিউজক্লিকৰ স্বতন্ত্ৰ আৰু বলিষ্ঠ কন্ঠ ৰোধ কৰিবলৈ বিচৰা হৈছে । যি নিউজক্লিকে কৃষক, শ্ৰমিক আৰু সমাজৰ অৱহেলিত আৰু মুক জনতাৰ মুখৰ ভাষা হ’বলৈ ইমান দিনে চেষ্টা কৰি আছে ।

সংবাদ সংস্থাটোৱে দিয়া এই স্পষ্টীকৰণটোৰ পিছত ক'বলৈ আৰু কি আছে বুলি সদৰী কৰি সাংসদগৰাকীয়ে কয় যে চৰকাৰে নিউজক্লিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ কাৰণ নিউজক্লিকে নিৰ্ভীকভাৱে প্ৰকৃত সংবাদ প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বাবে । এয়া সংবাদপত্ৰৰ স্বাধীনতা আৰু সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক নির্লজ্জ আক্ৰমণ বুলি উল্লেখ কৰি তেওঁ কয় যে সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰত বিশ্বাসী সকলো লোকেই ইয়াৰ প্ৰতিবাদ কৰা উচিত ।

তেওঁ লগতে কয় যে, ED এতিয়া বিজেপিৰ এটা শাখাত পৰিণত হৈছে । চৰকাৰক যাতে কোনেও প্ৰশ্ন কৰিব নোৱাৰে তাৰ বাবে ইয়াৰ যোগেদি এটা বাৰ্তা দিয়া হৈছে বুলি তেওঁ কয় ।

সংবাদমেলত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে ক্ষমতাৰ বাবে এতিয়া সংবাদ সেৱাৰ ওপৰত আক্ৰমণ চলিছে । মুক্ত মনেৰে জীয়াই থকাটো যেন বৰ্ত্তমান সময়ত অসম্ভৱ হৈ পৰিছে । চৰকাৰখনে বেয়া কামবোৰ কৰে আৰু কোনোৱাই ভাল কাম কৰিব বুলি চৰকাৰখনে ভয় খায় । তেওঁ লগতে কয় যে এতিয়া চোৰক চোৰ ধৰাৰ দায়িত্ব দিয়া হৈছে । সাংবাদ মাধ্যম এতিয়া থৰক-বৰক হৈছে বুলি সদৰী কৰি তেওঁ সংবাদ মাধ্যমৰ ওপৰত চলা এই আক্ৰমণৰ বিৰুদ্ধে সংগ্ৰামী সতীৰ্থই প্ৰতিবাদ কৰা উচিত বুলি কয় ।

লগতে পঢ়ক: Newsclick row: শীৰ্ষ আদালতৰ প্ৰতি অৱমাননা জনায় গ্ৰেপ্তাৰ কৰা হৈছে নিউজক্লিকৰ দুগৰাকীকৈ কৰ্মকৰ্তাক, কপিল ছিবাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.