ETV Bharat / state

Agnipath protests reach Assam: অসমতো আটক বহু প্ৰতিবাদকাৰী

সোমবাৰে গুৱাহাটীত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে এছ এফ আই, ডি ৱাই এফ আই আৰু অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ (SFI Protests Against Agnipath Scheme in Guwahati) ৷ সেনা বাহিনীত ঠিকাভিত্তিক নিযুক্তি শীঘ্ৰে বাতিল , স্থায়ী নিযুক্তিৰ ব্যৱস্থা আৰু অগ্নিপথ আঁচনি বাতিলৰ দাবীৰে এই প্ৰতিবাদ ৷ । চানমাৰী উৰণীয়া সেতুৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলটো শিলপুখুৰী পোৱাৰ লগে লগে আৰক্ষীৰ দল প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰে । অৱশেষত প্ৰতিবাদকাৰী সকলক আটক কৰি লতাশিল থানালৈ লৈ যায় আৰক্ষীয়ে ।

agnipath-scheme-protest-in-guwahati
উত্তপ্ত অগ্নিপথ: অসমতো গ্ৰেপ্তাৰ কেইবাজন
author img

By

Published : Jun 20, 2022, 10:33 PM IST

গুৱাহাটী 20, জুন: অগ্নিপথ আচঁনিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ (Nationwide protests against Agnipath scheme) ৷ সোমবাৰে গুৱাহাটীত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে এছ এফ আই, ডি ৱাই এফ আই আৰু অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে (SFI Protests Against Agnipath Scheme in Guwahati) ৷ সেনা বাহিনীত ঠিকাভিত্তিক নিযুক্তি শীঘ্ৰে বাতিল , স্থায়ী নিযুক্তিৰ ব্যৱস্থা আৰু অগ্নিপথ আঁচনি বাতিলৰ দাবীৰে সোমবাৰে এই প্ৰতিবাদী কায্যৰ্সূচী ৰূপায়ন কৰে ৷ অগ্নিপথ আচঁনিৰে দেশৰ সাৰ্বভৌমত্বৰ সৈতে আপোচ কৰা নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ । চানমাৰী উৰণীয়া সেতুৰ পৰা আৰম্ভ কৰা প্ৰতিবাদমুখৰ সমদলটো শিলপুখুৰী পোৱাৰ লগে লগে আৰক্ষীৰ দল প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰে । বহু সময়ৰ টনা-আজৰাৰ পাছত অৱশেষত প্ৰতিবাদকাৰী সকলক আটক কৰি লতাশিল থানালৈ লৈ যায় আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, আটক কৰা প্ৰতিবাদকাৰীসকলৰ ভিতৰত ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন, এছ এফ আইৰ কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস, ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সম্পাদক ভাস্কৰ কলিতাক আটক কৰি লতাশিল থানালৈ লৈ যায় । এছ এফ আইৰ নেত্ৰী অনুজা ডেকা, উৎপলা দাস আৰু ডি ৱাই এফ আইৰ সদস্যা আনোৱাৰা বেগমকো আটক কৰি থানালৈ নিয়ে । সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে আৰক্ষীয়ে কোনো মহিলা আৰক্ষী অবিহনেই পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে বুলি এছ এফ আইৰ কেন্দ্ৰীয় নেত্ৰী সংগীতা দাসে অভিযোগ কৰে । আৰক্ষী বাহিনীৰ এই অগণতান্ত্ৰিক, স্বৈৰাচাৰী আৰু অন্যায় আচৰণক সংগঠন তিনিটাই তীব্ৰ ভাষাৰে গৰিহণা দিছে । গ্ৰেপ্তাৰ কৰা প্ৰতিজন নেতা আৰু সদস্যক শীঘ্ৰেই মুক্তি দিবলৈ দাবী জনাইছে । সংগঠন তিনিটাই সোমবাৰে যৌথভাৱে ৰাজ্যজোৰা প্ৰতিবাদৰ আহ্বান জনাইছিল। কিন্তু আৰক্ষী বাহিনীয়ে কালিৰে পৰা সংগঠন তিনিটাৰ নেতা সকলক আটক কৰাৰ বাবে সমগ্ৰ ৰাজ্যতে অভিযান আৰম্ভ কৰে ।

গুৱাহাটীৰ উপৰিও গোৱালপাৰা, বৰপেটা জিলাৰ সৰভোগ, কলগাছিয়া, কয়াকুচি, নগাঁও আৰু তিনিচুকীয়া জিলাতো অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইপিনে আৰক্ষীৰ বৰ্বৰ আচৰণৰ বিৰুদ্ধে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে আৰক্ষীৰ দমন নীতিৰ বিৰোধীতা কৰে । তেওঁ কয়, সেনা বাহিনীত নিযুক্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা জনবিৰোধী আৰু ঠিকাভিত্তিক 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে কৰা আন্দোলন বন্ধ কৰাৰ বাবেই সমগ্ৰ ৰাজ্যতে পুলিচে দমনমূলক স্বৈৰাচাৰী অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ অংশ হিচাপেই অসম পুলিচে নিৰংকুশ নাথ, টিকেন দাসক আটক কৰিছে আৰু বিভিন্ন ঠাইত প্ৰস্তাৱিত আন্দোলনটোৰ সংগঠক তথা নেতাবোৰক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাই ভয়-ভীতিৰ পৰিৱেশ ৰচনা কৰিছে ।

লগতে সুপ্ৰকাশ তালুকদাৰে কয়, অসমৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনৰ এনে অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক আচৰণৰ তেওঁ তীব্ৰ নিন্দা কৰিছে ৷ লগতে তেওঁ কয় যে 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে সমগ্ৰ দেশত ক্ষোভৰ উদগীৰণ হৈছে আৰু তাত বিতত হৈ অসমৰ বিজেপি শাসিত চৰকাৰখনে শান্তিপূৰ্ণ-গণতান্ত্ৰিক আন্দোলনৰ বিৰুদ্ধে এনে ধিক্কাৰজনক পদক্ষেপ লৈছে ।

লগতে পঢ়ক : ৰহাত সামৰিক বাহিনীৰ অগ্নিপথ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.