ETV Bharat / state

ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবী এছ এফ আইৰ

অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, চৰকাৰী শিক্ষানুষ্ঠানসমূহত নতুন পদ সৃষ্টি কৰা আৰু ইতিমধ্যে খালী হৈ থকা শিক্ষকৰ পদবোৰৰ বাবে অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা, চাহ বাগিচা, চৰ অঞ্চল, জাতি-জনগোষ্ঠী প্ৰধান তথা সীমান্তৱৰ্তী অঞ্চলত শিক্ষাৰ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দাবী এছ এফ আই(Students' fedaration of India)ৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই দাবী সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কি ক'লে সেয়া ৰাজহুৱা কৰিলে ছাত্ৰ সংগঠনটোৱে ।

SFI demands to solve problems related to Education sector

author img

By

Published : Sep 1, 2021, 1:50 PM IST

গুৱাহাটী, ১ ছেপ্তেম্বৰ : অসমৰ শৈক্ষিক ক্ষেত্ৰৰ সমস্যা সমাধানৰ দাবী জনাই ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কাষ চাপিছে এছ এফ আই(Students' fedaration of India)ৰ সদস্যসকল । শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ কমিটি গঠন কৰা, নতুন পদ সৃষ্টি কৰা আৰু ইতিমধ্যে খালী হৈ থকা শিক্ষকৰ পদ অতি শীঘ্ৰে পূৰণ কৰা, চাহ বাগিচা, চৰ অঞ্চল, জাতি-জনগোষ্ঠী প্ৰধান তথা সীমান্তৱৰ্তী অঞ্চলত শিক্ষাৰ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, ষাণ্মাসিক পৰ্যায়ত কেন্দ্ৰীভূত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে এছ এফ আয়ে ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই দাবীসমূহ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে । তেওঁ জনায় যে, ২৮ আগষ্টত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ ৫ জনীয়া প্ৰতিনিধি দলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

তেওঁ কয় যে, অসমৰ ৫২.৪% চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ৭৮.৩% ব্যক্তিগত খণ্ডৰ শিক্ষাৰ্থীৰ ঘৰত স্মাৰ্টফোনৰ সুবিধা আছে । কিন্তু একেখন ঘৰতে দুগৰাকী বা তাতোকৈ অধিক শিক্ষাৰ্থী থকাৰ বাবে এটা ম’বাইল ফোনেৰে অনলাইন পাঠ গ্ৰহণত অসুবিধা আহি পৰে । আন এক তথ্য অনুসৰি, ৰাজ্যৰ মাত্ৰ ২৪.৯% ছাত্ৰ-ছাত্ৰীয়েহে উপযুক্ত সুবিধাৰে অনলাইন শিক্ষা লাভৰ সুযোগ পাইছে । আনকি অসমৰ ১২.৭% বিদ্যালয়তহে কম্পিউটাৰ আছে আৰু তাৰে ৫.৮২ শতাংশ বিদ্যালয়তহে আছে ইণ্টাৰনেট সংযোগ ।

আনহাতে, ক'ভিড পৰিস্থিতিৰ বাবে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে । আধাতে শিক্ষা এৰি দিয়া শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰতে অসমত উদ্বেগজনক । দেশত ২০১৯-২০ বৰ্ষত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আধাতে এৰি দিয়া শিক্ষাৰ্থীৰ হাৰ ১৬.১% হোৱাৰ বিপৰীতে অসমত এই হাৰ ৩২.৩% ।

ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ আধাতে শ্ৰেণী এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ দেশত ২.৬% হোৱাৰ বিপৰীতে অসমত এই হাৰ ৩.৪% । প্ৰাথমিক পৰ্যায়ত স্কুল এৰি যোৱাৰ সৰ্বভাৰতীয় হাৰ ১.৫% হোৱাৰ বিপৰীতে অসমত ৪.৩ শতাংশ । ক'ভিডৰ সময়ত সৃষ্টি হোৱা অৰ্থনৈতিক দুৰৱস্থাই ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় এৰাৰ সংখ্যা বৃদ্ধিৰ কাৰণ হৈ পৰিছে । সেয়ে এই প্ৰেক্ষাপটত, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানিৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সংগঠনটোৱে চৰকাৰক আহ্বান জনাইছে ।

কিন্তু এছ এফ আইৰ এই দাবী সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ বাবে এতিয়া ছাত্ৰ সমাজৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণা কৰাটো সম্ভৱপৰ নহয় । আনহাতে, শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ কমিটি গঠন কৰা বিষয়ত শীঘ্ৰেই পাঠ্যক্ৰমত এই বিষয়টো সন্নিবিষ্ট হ'ব বুলি শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে বুলি নিৰংকুশ নাথে জানিবলৈ দিয়ে ।

আনহাতে, নতুন পদ সৃষ্টি কৰা আৰু খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বিষয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিবছৰে টেট পৰীক্ষা অনুষ্ঠিত হ'ব । লগতে উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত খালী হৈ থকা পদ শীঘ্ৰেই পূৰণ কৰা হ'ব আৰু নতুন পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন হ'ব বুলি শিক্ষামন্ত্ৰীয়ে জনায় ।

ভিতৰুৱা অঞ্চলত শিক্ষকতা কৰি থকা শিক্ষকসকলৰ বাবে হোষ্টেল নিৰ্মাণ তথা উপযুক্ত সা-সুবিধা প্ৰদানৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে এছ এফ আইৰ সঁজাতি দলটোক জানিবলৈ দিয়ে । ইপিনে, অসম ৰাজ্যিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দৰ্পণ নামৰ পৰ্টেলৰ জৰিয়তে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দৰে স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও ঠিক একেই ধৰণৰ এক উমৈহতীয়া নামভৰ্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ সম্পাদকগৰাকীয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিসংগতি সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে গুৰুত্ব প্ৰদান কৰি সমস্যাসমূহ সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়া বুলি ছাত্ৰ সংগঠনটোৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে সংবাদমেলত জানিবলৈ দিয়ে । উক্ত সংবাদমেলত এছ এফ আই(SFI)ৰ ৰাজ্যিক উপ-সভাপতি প্ৰতুল বৰ্মন আৰু ৰাজ্যিক কমিটিৰ সদস্য সুস্মিত ইছফাকৰ উপস্থিত থাকে ।

লগতে পঢ়ক: ধুবুৰীত মহিলাৰ বাবে আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.