ETV Bharat / state

পুনৰ অধ্যাপক ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ প্ৰসংগঃ সৰৱ অংকিতা দত্ত - ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডঃ ডম্বৰুধৰ নাথকে মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ আশ্বৰ্য প্ৰকাশ অংকিতা দত্তৰ ৷ ৰাজীৱ ভৱনত সংবাদমেলযোগে অৱগত কৰিলে নাথৰ বিৰুদ্ধে থকা অভিযোগ ৷

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিক লৈ সৰৱ অংকিতা দত্ত
author img

By

Published : Jun 4, 2019, 5:43 PM IST

গুৱাহাটী, 4 জুন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তৰ । মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে অধ্যাপকগৰাকীক নিযুক্তি দিয়াক লৈ সৰৱ অংকিতা দত্ত ৷ অধ্যাপকগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয় আভ্যন্তৰীণ অভিযোগ দাখিল কমিটিৰ ওচৰত দাখিল কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ৷ তথ্য অনুসৰি ন্যায় পোৱাৰ বিপৰীতে ভুক্তভোগী ছাত্ৰীগৰাকীক 2017 চনৰ 21 জুলাইত অভিযোগ উঠাই ল'বলৈ ছাত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ যদিও ছাত্ৰীগৰাকীয়ে অভিযোগ উঠাই লোৱাৰ পক্ষপাতী নোহোৱাত 2016 চনৰ 30 নৱেম্বৰত ডঃ ডম্বৰুধৰ নাথে স্বাস্থ্য জনিত অজুহাত দেখুৱাই অৱসৰ বাবে আবেদন জনায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি লয় ।

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিক লৈ সৰৱ অংকিতা দত্ত

তাৰ পৰৱৰ্তী পৰ্যায়ত ডঃ ডম্বৰুধৰ নাথে অৰুণাচল ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেছৰ হিচাপে পাঠদান কৰিছিল যদিও অভিযোগ পুনৰ উত্থাপন হোৱাৰ বাবে বিদায় লব লগা পৰিস্থিতি সন্মুখীন হৈছিল তেওঁ । কিন্তু 2019 বৰ্ষৰ 28 মে'ত সেই ডঃ ডম্বৰুধৰ নাথকে মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ আশ্বৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতিগৰাকীয়ে । যি সময়ত বেটি বচাও বেটি পঢ়াও শ্লোগানৰ আধাৰত কাৰ্য কৰাৰ প্ৰয়াস কৰিছে বিজেপি চৰকাৰে সেই সময়তে ডঃ ডম্বৰুধৰ নাথৰ দৰে ব্যক্তিয়ে সন্মানীয় পদত নিযুক্তি দিয়াটো দুখ জনক বিষয় বুলি কয় অংকিতা দত্তই । লগতে তেওঁক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

Intro:অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তই সংবাদমেল সম্বোধন কৰে ৰাজীৱ ভৱনত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ডম্বৰুদধৰ নাথৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত সাংবাদিকৰ আগত মুকলি কৈ কলে অংকিতা দত্তই। অংকিতা দত্তৰ অভিযোগ মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৰ্থাৎ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰ সপোনৰ প্রকল্প হিচাপে পৰিচিত এইখন বিশ্ব বিদ্যালয়ত উপাচাৰ্য হিচাপে কিদৰে নিযুক্তি দিয়া হৈছে এইজন ব্যক্তিক।

Body:2016 চনৰ 15 নৱেম্বৰত যৌন নির্যাতনৰ এক অভিযোগ লিখিত ভাবে দিয়া হৈছে ডম্বৰুধৰ নাথৰ বিৰুদ্ধে। অংকিতা দত্তই জানিবলৈ দিয়া অনুসৰি ছাত্ৰী গৰাকীৰ হাতত ভিডিও ৰেকৰ্ডিং আৰু ফোন ৰেকৰ্ডিং প্ৰমাণ হিচাপে আছে আৰু ছাত্ৰীগৰাকীয়ে পূৰ্বে ইয়াক দাখিল কৰিছে। কিন্তু Bবৰ্তমানলৈ ছাত্ৰী গৰাকীয়ে ন্যায় পোৱা নাই। লগতে অঙ্কিতা দত্তই জানিবলৈ দিয়া অনুসৰি ন্যায় পোৱাৰ বিপৰীতে ভুক্ত ভুগি ছাত্ৰী গৰাকীক 2017 চনৰ 21 জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়তেই অভিযোগ উঠাই লবলৈ ভুক্তভোগী ছাত্ৰী গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ছাত্ৰী গৰাকীয়ে অভিযোগ উঠাই লোৱাৰ পক্ষপাতী নাছিল যাৰ পৰিপ্ৰেক্ষিতত 2016 চনৰ 30 নৱেম্বৰত ডঃ ডম্বৰুধৰ নাথে স্বাস্থ্য জনিত অজুহাত স্বেচ্ছামূলক অৱসৰ বাবে আবেদন জনাই আৰু ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পৰা অব্যাহতি লয়। তাৰ পৰৱৰ্তী পৰ্যায়ত ডঃ ডম্বৰুধৰ নাথে অৰুণাচল ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেছৰ হিচাপে পাঠদান কৰিছিল যদিও অভিযোগ পুনৰ উত্থাপন হোৱাৰ বাবে বিদায় লব লগা পৰিস্থিতি সন্মুখীন হৈছিল। আশ্বৰ্যজনক ভাবে 2019 বৰ্ষৰ 28 মে ত ডঃ ডম্বৰুধৰ নাথ অৰ্থাৎ ইণ্টাৰনেল কপ্লইনছ কমিটিৰ অভিযুক্ত জনক মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াতো এটা আশ্বৰ্য জনক কথা। যি সময়ত বেটি বচাও বেটি পঢ়াও শ্লোগানৰ আধাৰত কাৰ্য কৰাৰ প্ৰয়াস কৰিছে বি জে পি চৰকাৰে সেই সময়ত ডঃ ডম্বৰুধৰ নাথৰ দৰে ব্যক্তিয়ে সন্মানীয় পদত চাকৰি পোৱা দুখ জনক বিষয় বুলি কলে অংকিতা নাথে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.